চীন-ভাৰত বিবাদ আৰু আমেৰিকাৰ মধ্যস্থতা

0
131
চীন-ভাৰত বিবাদ আৰু আমেৰিকাৰ মধ্যস্থতা

চীন-ভাৰত বিবাদত আমেৰিকাৰ মধ্যস্থতাৰ প্ৰয়োজনীয়তা নাই- চীনৰ বৈদেশিক মুখপাত্ৰ

ইন্টাৰনেশ্যনেল ডেস্ক, ৪ জুন: লাডাখস্থিত LAC, Line of Actual Controlত চীনা সৈন্যৰ অস্বাভাৱিক কুচকাৱাজৰ প্ৰত্যুত্তৰত ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশাল সেনাবাহিনী লাডাখলৈ স্থানান্তৰিত কৰিছে।

ক’ৰোনা ভাইৰাছৰ ক্ষেত্ৰত চীনৰ ভূমিকাক তীব্ৰ ভৎৰ্সণা কৰি অহা ড’নাল্ড ট্ৰাম্পে শেহতীয়াভাৱে সংবাদ মাধ্যত চীন-ভাৰত বিবাদ সম্পৰ্কে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত টেলিফনিক বাৰ্তালাপ কৰাৰ কথা মুকলিকৈ ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ অৱস্থা বিশেষ এটা ভাল নহয় বুলি সদৰী কৰিছিল। লগতে উল্লেখ কৰিছিল যে, আমেৰিকাই উক্ত বিবাদৰ মধ্যস্থতা কৰিব।

কিন্ত লক্ষ্যণীয়ভাৱে বিগত মাহত মোদীৰ সৈতে ট্ৰাম্পৰ কোনো ধৰণৰ বাৰ্তালাপ হোৱা নাছিল।

ভাৰতৰ বৈদেশিক মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে সদৰি কৰে যে, উক্ত বিবাদত ভাৰতে আমেৰিকাৰ মধ্যস্থতা বিচৰা নাই। লগতে ভাৰতে সম্পূৰ্ণ বুজাবুজি তথা শান্তিপূৰ্ণভাৱে বিষয়টোৰ সৈতে মোকাবিলা কৰিব বিচাৰে বুলি শ্ৰীবাস্তৱে উল্লেখ কৰে।

বুধবাৰে চীনৰ বৈদেশিক মুখপাত্ৰ জাওঁ লিজানে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, “ভাৰত-চীন বিবাদত তৃতীয় পক্ষই দখল দিয়াৰ প্ৰয়োজনীয়তা নাই, LAC ত সীমাকেন্দ্ৰিক দীৰ্ঘদিনীয়া সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে চীন ইচ্ছুক। ইতিমধ্যে দুয়োখন দেশৰ মুখ্য নেতাসকল এই সম্পৰ্কত আলোচনাত অধিষ্ঠিত হৈছে বুলি লিজানে শেষত উল্লেখ কৰে।