ডিজিটেল ডেস্ক, ২৪ জুলাই: দুই তালিবানীক গুলীয়াই হত্যা কৰা আফগান কিশোৰী কামৰ গুল তালিবানৰ লগত পুনৰ যুঁজ কৰিবলৈ সাজু বুলি ঘোষণা কৰে।
আফগানিস্তানৰ ঘৌৰৰ ভিতৰুৱা গাঁৱৰ বাসিন্দা কামৰ গুলৰ পিতৃ মাতৃক যোৱা সপ্তাহত গুলীয়াই হত্যা কৰা দুই তালিবানক গুলে ঘৰৰ AK-47 ৰে গুলীয়াই হত্যা কৰে।
পিতৃ মাতৃৰ মৃত্যৰ পিছত সম্পৰ্কীয়ৰ ঘৰত আশ্ৰয় লৈ থকা গুলে তালিবানলৈ সঁকীয়াই দিয়ে প্ৰয়োজন সাপেক্ষে তাই পুনৰ যুঁজ দিবলৈ সাজু।
ইতিমধ্যে কামৰ গুলৰ বন্দুক লৈ থকা এখন ফটো ভাইৰেল হৈ পৰিছে।