ৰাজ্যযুৰি বিশ্ব পৰিবেশ দিৱস পালন: দিহিং পাটকাই সুৰক্ষাৰ দাবীত মানৱ শৃংখল

0
97
ৰাজ্যযুৰি বিশ্ব পৰিবেশ দিৱস পালন_ দিহিং পাটকাই সুৰক্ষাৰ দাবীত মানৱ শৃংখল

ডিজিটেল ডেস্ক, ৫ জুন: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপণ কাৰ্য্যসূচীৰ লগতে অনলাইন যোগে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। কভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি সামাজিক দূৰত্ব অৱলম্বন কৰি কাৰ্য্যসূচী সমূহ পালন কৰা হয় যদিও কিছু-কিছু ঠাইত এই নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত চৰম অৱহেলা হোৱাৰ কথাও নুই কৰিব নোৱাৰি।

তাৰোপৰি আজিৰ দিনটোৰ তাৎপৰ্য ৰক্ষা কৰি চৰকাৰৰ পুঁজিবাদী নীতিৰ স্বৰূপ দিহিং পাটকাই বনাঞ্চলৰ জীৱ-জন্তুলৈ ভাবুকি কঢ়িয়াই অনা কয়লা খননৰ সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰু লগতে, পৰিবেশ সংৰক্ষণৰ বাবে পুঁজিবাদী নীতি বাদ দি পৰিৱেশ তথা অসমৰ ঐতিহ্য ৰক্ষাৰ প্ৰতি দায়িত্বশীল হ’বলৈ কঠোৰ ভাৱে অসম তথা ভাৰত চৰকাৰক দাবী জনায়৷

পশ্চিম কাৰ্বি আংলং: ‘আজিৰ-আৰই মুকাক আতেৰাংক’ৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্য্যসূচী

জাছন ইংহি: সমগ্ৰ বিশ্বৰ লগতে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতো দেখা গ’ল বিশ্ব পৰিৱেশ দিৱসৰ সজাগতা আৰু তৎপৰতা ৷ যদিও পাৰ্বত্য জিলাখন সেউজীয়া পৰশৰে উদ্ভাসিত তথাপিও যেন ক’ৰবাত এই সেউজী ধৰণী ম্লান হোৱাৰ শংকা প্ৰকাশ কৰি একাংশ যুৱক-যুৱতীয়ে ললে গুৰুত্বপূৰ্ণ পদক্ষেপ৷ জিলাখনৰ হামৰেণস্থিত ‘আজিৰ-আৰই মুকাক আতেৰাংক’ নামৰ বে-চৰকাৰী সংস্থাটোৰ সদস্য-সদস্যাসকলে আজি পুৱা সমগ্ৰ হামৰেণ অঞ্চলৰ বিভিন্ন ঠাইত বৃক্ষৰোপণ কৰি পৃথিৱীখনক প্ৰদূষণমুক্ত আৰু সেউজীয়া কৰি ৰখাৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰে ৷ উল্লেখযোগ্য যে বে-চৰকাৰী সংস্থাটোৱে হামৰেণ নতুন বজাৰস্থিত মহাত্মা গান্ধীৰ আৱক্ষ প্ৰতিমূৰ্তিৰ কাষতো চাফাই অভিযানেৰে বৃক্ষৰোপণ কৰে৷

হামৰেণ বন সংমণ্ডল বিষয়া ৰাজীৱ ইংতিৰ তত্বাৱধানত হামৰেণ জিৰছং ইংলিছ ইম ই স্কুলত বৃক্ষৰোপণ কাৰ্য্যসূচীৰে ‘গ্ৰীণ মিশ্যন কেম্পেইন’ শীৰ্ষক এটি সজাগতামূলক কাৰ্যসূচী শুভাৰম্ভ কৰা হয়৷ সমান্তৰালকৈ জিলাখনৰ প্ৰতিখন বিদ্যালয়তেই অতিকমেও ১০টা কৈ গছপুলি ৰোপন কৰি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়৷ তাৰোপৰি, সম্প্ৰতি বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা দুৰাৰোগ্য মহামাৰী কোভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ পৰিৱৰ্তে বিভাগীয় কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

বঙাইগাঁও জিলা: ১৫ জুনৰ ভিতৰত ৰোপণ কৰা হ’ব ৫০ হাজাৰ গছ পুলি

উত্তম কুমাৰ বৰ্মণ: বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে৷ প্ৰশাসনৰ সহযোগত অহা ১৫ জুনৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত মুঠ ৫০ হাজাৰ গছ পুলি ৰোপণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ৷ আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি উপায়ুক্ত গৰাকীয়ে পুৰণি বঙাইগাঁও হাইস্কুলৰ সন্মুখত গছ পুলি ৰোপণ কৰি এই কথা সদৰি কৰে সংবাদ মাধ্যমৰ আগত ৷ আনহাতে আজি প্ৰশাসনৰ উদ্যোগত সোণালী বান্দৰৰ বিচৰণ ভূমি কাকৈজানা সংৰক্ষিত বনাঞ্চলত এহাজাৰ গছ পুলি ৰোপণ কৰা হয় ৷ উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই এই গছ পুলি ৰোপণৰ শুভ উদ্বোধন কৰে ৷

বিশ্ব পৰিবেশ দিৱসৰ দিনা বিশ্বনাথত জিলা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী

হোমেন বৰ্মণ: দিহিং পাটকাই অভয়াৰণ্য সুৰক্ষাৰ দাবীত, মুক্ত কয়লা খননৰ বিৰোধীতাৰে আৰু নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ বন্ধ কৰাৰ দাবীত সামাজিক দূৰত্ব বজাই বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হাতে হাতে প্লে কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে।