বাঘজান অগ্নিকাণ্ডৰ তদন্তৰ বাবে ৩ জনীয়া কমিটি গঠন কেন্দ্ৰৰ

0
32
বাঘজান অগ্নিকাণ্ডৰ তদন্তৰ বাবে ৩ জনীয়া কমিটি গঠন কেন্দ্ৰৰ

নতুন দিল্লী, ১২ জুন: যোৱা ১১ জুনত পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অসমৰ বাঘজানত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্তৰ বাবে এক উচ্চস্তৰীয় কমিটি গঠন কৰে।

ডিৰেক্টৰ জেনেৰেল অফ হাইড্ৰকাৰ্বন এচ.চি.এল.দাস, ONGCR পূৰ্ব অধক্ষ্য আৰু নিৰ্দেশকদ্বয় ক্ৰমে বি.চি.বৰা আৰু টি.কে.সেনগুপ্তৰ দ্বাৰা গঠিত কমিটি খনক এমাহৰ ভিতৰত ঘটনা সন্দৰ্ভত ৰিপ’ৰ্ট দিবলৈ নিৰ্দেশ দিয়া হৈছে। ভৱিষ্যতে এনেধৰণৰ দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰাকৈ হস্ৰকালীন আৰু দীৰ্ঘকালীন উপায় তথা বৰ্তমান OIL ৰ SOP ত থকা আঁসোৱাহ সমূহৰ ওপৰতো বিশ্লেষণ কৰিবলৈও তিনিজনীয়া কমিটীটোক আদেশ দিয়া হৈছে।

পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বাঘজান দূৰ্ঘটনাত প্ৰভাৱিত পৰিয়াল সমূহক সকলো প্ৰকাৰে সহায় কৰাৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে যোৱা ১০ জুনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত বাৰ্তালাপত ৰাজ্য চৰকাৰক সকলো ফালৰ পৰা সাহাৰ্য্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।