নাৰায়নপুৰত আটছাৰ শ্বহীদ দিৱস উদযাপন

0
131
নাৰায়নপুৰত আটছাৰ শ্বহীদ দিৱস উদযাপন

নাৰায়নপুৰ, ৮ জুন: সমগ্ৰ ৰাজ্যৰ লগতে নাৰায়নপুৰতো আজি সদৌ অসম চাহ জনজাতি ছাত্র সন্থাৰ বিহপুৰীয়া আঞ্চলিক শাখাই অনুষ্টুপিয়াকৈ ৩২ সংখ্যক শ্বহীদ দিৱস পালন কৰে।

এই উদ্দেশ্যে আজি পুৱা বিহপুৰীয়া শাখাৰ সভাপতি দীপেন ভূঞাই পতাকা উত্তোলন কৰা পাছত সংগঠনটোৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক গোপাল গোৱালাই শ্বহীদ তৰ্পণ কৰে৷ লগতে পানবাৰী বড়ীগাওঁ নামঘৰৰ নামঘৰীয়া গনেশ গোৱালাই বৃক্ষ ৰোপন কৰে।

ইয়াৰ পাছতে সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত এখনি আলোচনা চক্ৰত শাখাৰ সম্পাদক নয়ন কুৰ্মীয়ে উদ্দেশ্য বাখ্যা কৰা লগতে সম্প্ৰদায়টোৰ পৰা আগবাঢ়ি অহা এগৰাকী প্ৰতিনিধি পিংকি গোৱালাক সংগঠনটোয়ে সম্বৰ্ধনা জনাই। আনহাতে শাখাই নিপু গোৱালাক সভাপতি আৰু অনুপম গোৱালাক সম্পাদক হিচাপে লৈ এখন উপশাখা গঠনৰ সিদ্ধান্ত চূড়ান্ত কৰে।