পুনৰ অসমীয়াৰ ওপৰত সন্দেহজনক অৰুণাচলীৰ গুলীচালনা

0
42
পুনৰ অসমীয়াৰ ওপৰত সন্দেহজনক অৰুণাচলীৰ গুলীচালনা

বিশ্বনাথ, ১৭ জুন: পুনৰ অসমীয়াৰ ওপৰত সন্দেহজনক অৰুণাচলীৰ গুলীচালনা : স্থানীয় ৰাইজৰ দাবী NDFB (S) ৰ দ্বাৰা সংঘটিত হৈছে এই ঘটনা

বিশ্বনাথ চাৰিআলি১৭জুনঃপুনৰ সন্দেহজনক অৰুণাচলীয়ে অসমীয়াৰ ওপৰত গুলিচালনা কৰে৷ খৰি কাটিবলৈ যোৱা এজন আদিবাসী যুৱকক সন্দেহজনক অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰাৰ অভিযোগ উঠিছে। এই ঘটনা বিশ্বনাথৰ অৰুণাচল সীমান্তৰ পাঁচলগীত সংঘটিত হৈছে৷ নিহত ব্যক্তিজনৰ নাম বিনোদ ৰাজগড় ৷

উল্লেখ্য যে সোমবাৰে বিনোদ ৰাজগড় আৰু তেওঁৰ বন্ধু সোমইনা দৈমাৰীয়ে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তলৈ খৰি কাটিবলৈ গৈছিল। কিন্তু কোনো দুৰ্বৃত্তই বিনোদ ৰাজগড়ক গুলিয়াই হত্যা কৰি সেই স্থানতে পেলাই থৈ যায়। লগে লগে সেই স্থানৰ পৰা মৃত বিনোদৰ বন্ধু সোমইনা দৈমাৰীয়ে পলায়ন কৰি বিনোদৰ পৰিয়ালক সমস্ত ঘটনা জনায়। তাৰ পিছতে বিনোদৰ পৰিয়ালৰ লোকে গাঁৱৰ কেইজনমান লোকক লৈ সেই স্থানৰ পৰা বিনোদৰ নিথৰ দেহ লৈ আনে।

আজি মৃত বিনোদৰ ঘৰত উপস্থিত হয় দণ্ডাধীশৰ লগতে বিশ্বনাথ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া আৰু তদন্ত আৰম্ভ কৰিছে৷ সোধ-পোচৰ বাবে ইতিমধ্যে মৃত বিনোদৰ বন্ধু সোমইনা দৈমাৰীকো আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে৷ বিনোদৰ দেহত পোৱা গৈছে গুলীৰ অৱস্থিতি৷

উল্লেখ্য যে সীমাক কেন্দ্ৰ কৰি অসম আৰু অৰুণাচলৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে আৰু বিগত সময়ত অৰুণাচলী দুৰ্বৃত্তই কেইবাবাৰো সীমান্তত গুলিচালনা সংঘটিত কৰিছে৷ আনহাতে প্ৰশাসনে এইয়া দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হৈছে বুলি মন্তব্য কৰাৰ বিপৰীতে স্থানীয় লোকে এই ঘটনাত এন ডি এফ বি জড়িত আছে বুলি মন্তব্য কৰিছে৷

চৰকাৰ আৰু এন ডি এফ বিৰ মাজত সম্পাদিত শান্তি চুক্তিৰ পিছত অবৈধ অস্ত্ৰৰ ঝনঝননি মাৰ যাব বুলি ধাৰণা কৰা হৈছিল যদিও পুনৰ কালিৰ ঘটনাই পৰিৱেশ অস্থিৰ হোৱাৰ ইংগিত বহন কৰিছে। ইফালে, বিগত সময়ত উক্ত অঞ্চলটোৰ আদিবাসী লোক সকলৰ ওপৰত এন ডি এফ বিয়ে সংঘটিত কৰি আহিছিল নিৰ্মম অত্যাচাৰ৷ অঞ্চলটোৰ পৰা আদিবাসী লোক সকলক খেদি পঠাবলৈ পূৰ্বৰে পৰা চলাই আহিছিল চেষ্টা৷বিভিন্ন দল-সংগঠনসমূহে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে৷এতিয়া স্থানীয় ৰাইজৰ প্ৰশ্ন -কিমান দিন তেওঁলোক এইদৰে থাকিব লাগিব?অৰুণাচলী দুৰ্বৃত্তৰ আৰু উগ্ৰপন্থীৰ গুলী কিয় বুকু পাতি লব লাগে নিৰীহ জনতাই। প্ৰতিবাৰে কিয় তেওঁলোকেই খাব লগীয়া হয় গুলী?

শেহতীয়া খবৰ মতে মৰণোত্তৰ পৰীক্ষাত বিনোদৰ পেটত উদ্ধাৰ হৈছে হাতে সজা গুলী ।