সামাজিক মাধ্যমত স্বাস্থ্যমন্ত্ৰীক বিৰূপ মন্তব্য কৰি গ্ৰেপ্তাৰ ছাত্ৰনেতা

0
45
সামাজিক মাধ্যমত স্বাস্থ্যমন্ত্ৰীক বিৰূপ মন্তব্য কৰি গ্ৰেপ্তাৰ ছাত্ৰনেতা

বিশ্বনাথ চাৰিআলি, ১৫ জুনঃ ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা । সমান্তৰালভাৱে অসমত এই সংখ্যা যাতে স্থৱিৰ হৈ পৰে তাৰ বাবে দিনে নিশাই অহৰহ প্ৰচেষ্টা চলাই থকা দেখা গৈছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক । এতিয়া যদি নলবাৰীত; তাৰ কিছু সময় পিছত ৰাজ্যৰ আন এটা প্ৰান্তত।মুঠতে জিৰাবলৈ সময় নাই মন্ত্ৰীগৰাকীৰ ৷ কিন্তু তাৰ মাজতে খবৰ আহিল হঠাত অসুস্থ মন্ত্ৰী গৰাকী আৰু তাৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চলিল বিভিন্ন পৰীক্ষা-নিৰীক্ষা ৷অৱশেষত কিডনী ষ্টোন হোৱা বুলি চিকিৎসকে চিকিৎসালয়ত ভৰ্তি কৰোৱাত অসমবাসী উদ্বিগ্ন হৈ পৰিল৷প্ৰিয় জননেতা গৰাকীৰ অতি সোনকালে আশু-আৰোগ্য কামনা কৰি ওপচায় পেলালে চচিয়েল মিডিয়া ৷ কিন্তু তাৰ বিপৰীতে বিশ্বনাথত লাগিল অথন্তৰ ।

স্বাস্থ্য মন্ত্ৰী গৰাকীৰ শাৰীৰিক অসুস্থতা সম্পৰ্কত কু-মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱ ছাত্ৰনেতা৷অভিযোগ মতে বিশ্বনাথৰ বিহালীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক অনিল বনিয়া(২৩)ই চচিয়েল মিডিয়া ফেচবুকৰ জড়িয়তে বিৰূপ মন্তব্য কৰিছিল। এই কথা ঘন্টাৰ ভিতৰতে বিয়পি পৰিছিল সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তৰ চূকে-কোণে৷ আৰু অৱশেষত আৰক্ষীৰ বিষয়টো সন্দৰ্ভত দৃষ্টি গোচৰ হোৱাত আজি বিহালীৰ ৰাংচালীস্থিত নিজ গৃহৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে বিহালী আৰক্ষীয়ে ৷পৰৱৰ্তী সময়ত যুৱকজনক অনা হয় বৰগাং আৰক্ষী চকীলৈ ৷