চৰাইদেউ জিলাৰ চাহ বাগিচা অধ্যুষিত অঞ্চলত কুৱাৰেণ্টাইনৰ বিশেষ ব্যৱস্থা ।

0
186
assam bulletin

সোণাৰি, ২৬ মে’: সমগ্ৰ দেশৰ লগতে চৰাইদেউ জিলাতো বহি ৰাজ্যৰ পৰা ঘূৰি অহা ব্যক্তি সকলৰ বাবে ইনষ্টিটিউশ্যনেল কুৱাৰেণ্টাইন আৰু হ’ম কুৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে ।

এই‌ক্ষেত্ৰত চৰাইদেউ জিলাৰ চাহ বাগিচা অঞ্চললৈ ইনষ্টিটিউশ্যনেল কুৱাৰেণ্টাইনৰ পৰা ক’ভিড নিগেটিভ ৰিজাল্ট সহ ঘূৰি অহা ব্যক্তি সকলৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে এক ব্যৱস্থা হাতত লৈছে ।

এই উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সভাপতিত্বত চাহ বাগিচাৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধি সকলৰ লগত এক আলোচনা অনুস্থিত হৈ যায় ।

চাহ বাগিচা অঞ্চলত যিহেতু জনবসতিৰ ঘনত্ব বেছি আৰু বহুক্ষেত্ৰত বাসগৃহ বিলাক লগা লগিকৈ অৱস্থিত সেয়েহে উক্ত অঞ্চলত হ’ম কুৱাৰেণ্টাইনৰ পৰিৱৰ্তে এক বিশেষ নিৰ্দিষ্ট স্থানত কুৱাৰেণ্টাইন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

উল্লেখযোগ্য যে এই ব্যৱস্থা ইনষ্টিটিউশ্যনেল কুৱাৰেণ্টাইন প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতহে গ্ৰহণ কৰা হ’ব ।

এই সমগ্ৰ প্ৰক্ৰিয়াটোত আটচা, আছা আদি সংগঠনসমূহক সহযোগিতা কৰি বাগিচা সমূহত সজাগতা বৃদ্ধি কৰিবলৈ সাংসদ তপন কুমাৰ গগৈয়ে আহ্বান জনায়।

ইয়াৰ উপৰিও উক্ত স্থান জনসমাগমৰ পৰা দূৰৈত হোৱাটো বাঞ্ছনীয় বুলি সাংসদ গগৈয়ে কয়।

তদুপৰি চৰাইদেউ জিলা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই ইতিমধ্যেই বাগিচা অঞ্চলত সক্ৰিয় হৈ থকা বাগিচা পৰ্যায়ৰ সমিতি সমূহে এই ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিব লাগে বুলি মত পোষণ কৰে ।

উপায়ুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে জিলা প্ৰশাসনৰ ফালৰ পৰা কুৱাৰেনটাইন চেন্টাৰত আহাৰৰ যোগান ধৰাৰ লগতে উক্ত চেণ্টাৰ সমুহৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব দিয়া হ’ৱ আৰু কেৱল ক’ভিড নিগেটিভ কেছবিলাকহে এনেধৰণৰ কুৱাৰেণ্টাইন চেণ্টাৰলৈ পঠোৱা হ’ব ।

সাংসদ আৰু উপায়ুক্তৰ উপৰিও উক্ত সভাত অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বড়া, সহকাৰী আয়ুক্তদ্বয় ফিলিচ ৰাংচাল; জাহ্নৱী গোস্বামী আৰু আটচা, আছাৰ প্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰে।