প্ৰতীক‌ হাজেলাক ৭ দিনৰ ভিতৰত বদলি কৰাৰ আদেশ উচ্চতম ন্যায়ালয়ৰ।

0
609

গুৱাহাটী, অক্টোবৰ ১৮: উচ্চতম ন্যায়ালয়ে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক- প্ৰতীক‌ হাজেলাক তত্কালিন ভাবে ৭ দিনৰ ভিতৰত হাজেলাৰ গৃহ ৰাজ্য মধ্য প্ৰদেশলৈ বদলি কৰাৰ আদেশ দিয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত থকা বিচাৰপীঠে হাজেলাই কৰা আবেদনৰ ওপৰত ভিত্তি কৰি এই আদেশ জাৰী কৰে।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিমখন খচৰা প্ৰকাশৰ পিছত বিভিন্ন ধৰণৰ বিতৰ্কত লিপ্ত হোৱা হাজেলাৰ প্ৰতি সুৰক্ষাজনিত ভাবুকি অহাৰ উপৰত দৃষ্টি ৰাখি এই আদেশ জাৰী কৰা হৈছে বুলি বিভিন্ন মহলে প্ৰকাশ কৰিছে।

১৯৯৫ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ অসম-মেঘালয় কেডাৰত ভৰ্তি হোৱা হাজেলাক ২০১৩ চনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক ৰূপে দায়িত্ব দিয়া হৈছিল।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰা প্ৰকাশ হোৱাৰ লগে লগে  শাসক দল, শাসক-বিৰোধী দল আৰু বিভিন্ন জাতীয় সংগঠনৰ নেতাৰ কটু সমালোচনাৰ বলি হোৱা হাজেলাই নিজাববীয়াকৈ বদলিৰ বাবে আবেদন কৰিছিল। এই ক্ষেত্ৰত হাজেলাই কয় – “মই ক’বলগীয় সকলো কথা ন্যায়ালয়ক অৱগত কৰিছোঁ আৰু মোক ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছে। এই ক্ষেত্ৰত মোৰ ক’বলৈ একো নাই।”

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত ভেঁকো ভাওঁনা কৰা বুলি অভিযোগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক শীলাদিত্য দেৱে কয় – “মইতো ৩বছৰ ধৰি কৈ আছোঁ যে হাজেলা মানুহ টো ভাল নহয়। HE IS A CORRUPT OFFICER, আৰু তেওঁৰ কাৰণে বহুত বিশৃংখলতাৰ সৃষ্টি হৈছে NRC ৰ ক্ষেত্ৰত। সেয়া আমি দেখা পাইছোঁ।”

মন কৰিব লগীয়া যে, হাজেলাৰ প্ৰতি সুৰক্ষা জনিত ভাবুকি অহাটো সাধাৰণ কথা যদিওঁ এতিয়ালৈ তেওঁ দিয়া কোনো ধৰণৰ এজাহাৰ নাইবা তেওঁৰ প্ৰতি অহা কোনো ধৰণৰ ভাবুকিৰ কথা পোহৰলৈ অহা নাই।  এনে কাৰণত বহুতে হাজেলাক NRC ৰ ধ্বংসস্তুপ  এৰি পলায়ন কৰা বুলি অভিযোগ উত্থাপিত কৰিছে।