বিশ্বনাথত গৰাখহনীয়া: গাঁও এৰি পলায়ন গাঁওবাসীৰ

0
181
বিশ্বনাথত গড়াখহনীয়া_ গাঁও এৰি পলায়ন গাঁওবাসীৰ

বিশ্বনাথ-পানপুৰ মথাউৰিলৈ ভাবুকি:

  • ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে খহালে মথাউৰি সুৰক্ষাৰ বাবে নিৰ্মান কৰা শৈলবান্ধ।
  • নদীৰ খহনীয়া মথাউৰিৰ কাষ পাবলৈ বাকী আছে মাথো ১০০ মিটাৰ।
  • ঘৰ-দুৱাৰ এৰি বস্তু-বাহানি সামৰি সকলো গৈছে নিৰাপদ স্থানলৈ ।
  • মথাউৰি ভাঙিলে জলমগ্ন হব অঞ্চলটোৰ এশ খনতকৈও অধিক গাঁও।

বিশ্বনাথ, ২৭ মে’: মুষলধাৰ বৰষুণৰ বাবে প্ৰতি ঘন্টাই বৃদ্ধি পাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আৰু ব্ৰহ্মপুত্ৰৰ এই বাঢ়নি পানীয়ে এতিয়া ভাবুকিৰ সৃষ্টি কৰিছে বিশ্বনাথ-পানপুৰ মথাউৰিলৈ৷ বিশ্বনাথৰ কুমলীয়াত ব্ৰহ্মপুত্ৰই চপৰা চপৰে খহাইছে মাটি৷ মথাউৰি সুৰক্ষাৰ বাবে নিৰ্মান কৰা শৈলবান্ধ ইতিমধ্যে জাহ গৈছে নদীৰ বুকুত৷

খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে কাষতে থকা শিঙিমাৰি প্ৰাথমিক বিদ্যালয়খন৷ নদীৰ খহনীয়া মথাউৰিৰ কাষ পাবলৈ বাকী আছে মাথো ১০০ মিটাৰ ৷ খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে যিকোনো মূহুৰ্ততে নদীৰ বাঢ়নি পানীয়ে ভাঙিব পাৰে বিশ্বনাথ-পানপুৰ মথাউৰি৷

ফলত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ৷ ঘৰ-দুৱাৰ এৰি বস্তু-বাহানি সামৰি সকলো গৈছে নিৰাপদ স্থানলৈ ৷ মথাউৰি ভাঙিলে জলমগ্ন হব অঞ্চলটোৰ এশ খনতকৈও অধিক গাঁও৷ প্ৰভাৱিত হ’ব ২ লাখতকৈ অধিকলোক৷ জল সম্পদ বিভাগৰলোক উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে যদিও এতিয়ালৈকে লোৱা নাই কোনো ব্যৱস্থা ৷

পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূৰ্বে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক আহ্বান জনালে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নুৰজামাল চৰকাৰে।

বিশ্বনাথৰ পৰা হোমেন বৰ্মনৰ ৰিপৰ্ট।