কঠীয়াতলীত বালি ভৰ্ত্তী ডাম্পাৰ দূৰ্ঘটনা

0
34
কঠীয়াতলীত বালি ভৰ্ত্তী ডাম্পাৰ দূৰ্ঘটনা

কঠীয়াতলী, ৭ জুন: নগাওঁ জিলাৰ কঠীয়াতলীৰ মাজমজিয়াত আজি দিনৰ প্ৰায় ৫ বজাত AS02B-C8721 নম্বৰৰ ডাম্পাৰএটা দূৰ্ঘটনাত পতিত হয়। নগাওঁৰ দিশৰ পৰা আহি থকা বালি ভৰ্তী ডাম্পাৰ খনে তীব্ৰ বেগত সোঁ ফালে অৰ্থাৎ কামপুৰ লৈ যোৱা পথত সোমোৱাই দিয়াত নিয়ন্ত্ৰন হেৰুৱাই AS-02R -4746 নম্বৰৰ পালচাৰ বাইকৰ ওপৰত বাগৰি পৰে। তৎক্ষণাৎ স্থানীয় কিছু লোকে বালিৰ মাজৰ পৰা দুজন বাইক আৰোহীক টানি বাহিৰলৈ উলিয়াই আৰু ডাম্পাৰৰ ভিতৰত আৱদ্ধ হৈ থকা দুজনকো উলিয়াই চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

লকডাউনৰ ফলত বজাৰ হাট নবহাৰ বাবে হতাহতিৰ পৰিমাণ যথেষ্ট কম হয় অন্যথা দৈনিক বজাৰৰ একেবাৰে কাষতে হোৱা দূৰ্ঘটনাৰ ফলত বহু লোক আঘাত প্ৰাপ্ত হ’লহেতেন।

দৈনিক বহুতো ডাম্পাৰত অভাৰলোড শিল আৰু বালি আনি জনসাধৰণৰ জীৱনৰ প্ৰতি ভাবুকি আনিছে আৰু দিন দুপৰতে বন বিভাগৰ নাকৰ তলেদি কেনেকৈ অবৈধ বালি নিবলৈ সক্ষম হল তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। আনহাতে কঠীয়াতলী মাজ মজিয়াত আজিৰ ঘটনাটোৱে প্ৰশাসনৰ ফোঁপোলা স্বৰুপ টো উদঙাই দিছে।