ৰঙানদীৰ বাঢ়নী পানীত জলমগ্ন দহ খনৰো অধিক গাওঁ

0
129

লখিমপুৰ, ২৩ মে’: মহামাৰী কৰোনাই সমগ্র দেশজুৰি হাহাকাৰ কৰি থকা সময়ত লখিমপুৰ জিলাৰ ৰঙানদীৰ বাঢ়নী পানীয়ে আৰু এক সমস্যাৰে ত্ৰাহিমধুশোধন দেখুৱাইছে দহ খনৰো অধিক গাৱঁত।

বিশেষকৈ লখিমপুৰ জিলাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিমিনত থকা ৰঙানদী জলবিদ্যুৎ প্ৰকল্প চমুকৈ নীপকোয়ে বাঢ়ি অহা বাঢ়নী পানী এৰি দিয়া ফলত জিলা খনৰ আমতলা, আহোমী গাওঁ, ৰঙানদী, শেনচোৱা, খাৰকাতি, লেচাই গাও, চামনি, বাপখাট, নৰাগাঁও বকলীয়াহাট, পানীগাওঁ, এঘাৰমাইল আদি গাঁৱত ৰঙানদী পানীত প্লাবীত হৈ পৰে।

আনহাতে জিলা খনৰ ডিক্ৰং নদীতো নীপকুৰ আংশিক পানী বাগৰি পৰাত জলমগ্ন হৈ পৰিছে কেইবাখনো গাওঁ। বৰ্তমান জিলা খনৰ দুয়োখন নদীৰ পানী তীব্র গতিত বাঢ়ি অহা পৰিলক্ষিত হৈছে ।

নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।