প্লাজমা দান কৰা ব্যক্তিসকলক চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব: স্বাস্থ্যমন্ত্ৰী

0
25
প্লাজমা দান কৰা ব্যক্তিসকলক চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব_ স্বাস্থ্যমন্ত্ৰী

গুৱাহাটী, ১৭ জুলাই: অসম চৰকাৰে ক’ভিড – ১৯ আক্ৰান্ত ব্যক্তি সকলৰ চিকিৎসাৰ বাবে প্লাজমা দান কৰিব আগবাঢ়ি অহা ব্যক্তিসকলক চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে কৰ’ণা মহামাৰীৰ লগত যুঁজিবলৈ বহুতো প্ৰয়াস কৰি অহা হৈছে যাৰ ভিতৰত কৰ’ণা সংক্ৰমিত হৈ ইতিমধ্যে সুস্থ হৈ উঠা ব্যক্তিৰ প্লাজমাৰ ব্যৱহাৰ কিছু পৰিমাণে ফলপ্ৰসূ হৈছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এজন ব্যক্তিয়ে এসময়ত ৪০০ গ্ৰাম প্লাজমা দান কৰিব পাৰে যাৰ সহায়ত অতি কমেও দুজন আক্ৰান্ত ব্যক্তিৰ চিকিৎসা কৰিব পৰা যাব।

প্লাজমা দান কৰিবলৈ ভিন্নজনক উৎসাহিত কৰিবলৈ ডঃ শৰ্মাই প্লাজমা দাতাসকলক প্ৰমাণপত্ৰ আৰু তেওঁৰ নিজ হাতে লিখা পত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্যত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰে।

ৰাজ্যৰ বাহিৰৰ পৰা কোনো লোক প্লাজমা দান কৰিবলৈ ইচ্ছুক হলে তেওঁ অহা যোৱাৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰা হব লগতে তেওঁক ৰাজ্যিক অতিথিৰ মৰ্য্যাদা প্ৰদান কৰা হ’ব।

প্লাজমা দান কৰিবলৈ ইচ্ছুক লোকে ৰাজ্যিক হেল্পলাইন নম্বৰ ১০৪ ত ফোন কৰিব পাৰে।

উল্লেখ্য যে অসম প্লাজমা বেংক গঠন কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰত অগ্ৰণী ৰাজ্য হিচাপে পৰিগণিত হৈছে।