ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক উপযুক্ত শাস্তি দিয়াৰ দাবীত দেৰগাঁৱত প্ৰতিবাদী কাৰ্যসূচী।

0
69
assam bulletin

দেৰগাঁও, ১৫ জুন: দেৰগাঁৱৰ বিভিন্ন দল সংগঠনে নৃশংস হত্যাৰ বলি হোৱা ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবী জনায়।

উল্লেখ্য যে যোৱা ১২ জুনত অসমৰ খিলঞ্জীয়া ভুমিপুত্ৰ ঋতুপৰ্ণ পেগুক গুৱাহাটীৰ মাজমজিয়াত দিনদুপৰতে নৃশংস ভাৱে হত্যা কৰা হয়। এই হত্যাকাণ্ডৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। দোষীক শাস্তি প্ৰদান কৰিবলৈ বিভিন্ন দল সংগঠন সমূহে দাবী জনাইছে।

দেৰগাঁৱতো ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠন সমূহে।

সংগঠন সমূহৰ বিষয়ববীয়া সকলে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ আহ্বান জনোৱাৰ লগতে হত্যাকাৰী সকলক ফাঁচি দিয়াৰ দাবী তুলিছে।

চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰ্ঋতুপৰ্ণ পেগুৰ পৰিয়ালক উপযুক্ত সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় । দল সংগঠনে সমূহে বিগত দিনত সংগঠিত হোৱা বিভিন্ন ধৰণৰ হত্যা কাণ্ডৰ তদন্তৰো দাবী জনায়।

-দেৰগাঁৱৰ পৰা অপূৰ্ব শম্মা ,ৰিপৰ্ট।