কিতাপ চাই পৰীক্ষাত লিখিব পাৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে

0
102
কিতাপ চাই পৰীক্ষাত লিখিব পাৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে

ডিজিটেল ডেস্ক, ৯ মে: কভিড-১৯ ৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষাসমূহ অনলাইন মাধ্যমত অনুষ্ঠিত হ’ব।গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: প্ৰতাপ জ্যোতি সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত লোৱা হৈছে।

পৰীক্ষাত শিক্ষাৰ্থীসকলে প্ৰয়োজনীয় কিতাপ তথা সহায়িকাৰ সহায় ল’ব পাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক বিজ্ঞপ্তিযোগে আমাক জানিবলৈ দিয়ে৷

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: হেমন্ত কুমাৰ নাথৰ দ্বাৰা জাৰি কৰা বিজ্ঞপ্তি অনুসৰি বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ পৰীক্ষা সমূহ ১জুনৰ পৰা আৰম্ভ হৈ ১৫ জুনৰ ভিতৰত শেষ হ’ব আৰু স্নাতক পৰ্য্যায়ৰ প্ৰৰীক্ষাসমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ’ব।

অনলাইন পৰীক্ষা সমূহ সুস্থিৰ ভাৱে অনুষ্ঠিত কৰিবলৈ এক কমিটি ও গঠন কৰা হ’ব।