তিনিচুকীয়াত গ্ৰেনেড বিস্ফোৰণত নিহত ১

0
96
তিনিচুকীয়াত গ্ৰেনেড বিস্ফোৰণত নিহত ১

ডিজিটেল ডেস্ক, ১১ মে: উজনিৰ তিনিচুকীয়া জিলাত সংঘটিত এক গ্রেনেড বিস্ফোৰণত এজন ১২ বছৰীয়া কিশোৰ নিহত হয়।

জিলাখনৰ জাগুনৰ কঠা-কাঠনী গাঁৱত সংঘটিত বিস্ফোৰণত নিহত কিশোৰ জন সুৰজ হাজং বুলি চিনাক্ত কৰা হয় বুলি জিলা আৰক্ষীয়ে জানিব দিয়ে।

এই গ্রেনেড বিস্ফোৰণ এক দুৰ্ঘটনা বুলি সন্দেহ প্ৰকাশ কৰি আৰক্ষী বিষয়া এজনে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ কথা জানিব দিয়ে৷

ৰাজ্যত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত সংঘটিত এই ঘটনাই বাৰুকৈয়েই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে- ঘটনা সন্দৰ্ভত কোনো সংগঠনে কোনো ধৰণৰ স্বীকাৰোক্তি দিয়া নাই কিন্তু বহু লোকে এই ঘটনাৰ আঁৰত আলফা (স্বাধীন) জড়িত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷

ঘটনাটোৰ আঁৰৰ ৰহস্য কি সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব৷