উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ১৫০ ডবা ক’ভিড কেয়াৰ কক্ষ হিচাপে সাজু

0
82
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১৫০ ডবা কভিড কেয়াৰ কক্ষ হিচাপে সাজু

ডিজিটেল ডেস্ক, ১০ মে: উত্তৰ পূৱ সীমান্ত ৰে’লৱে য়ে ১৫০ ডবা ক’ভিড কেয়াৰ কক্ষ হিচাপে ব্যৱহাৰৰ বাবে সাজু কৰি তুলিছে ৷

ৰাজ্যৰ ৭ জিলাৰ বাবে সাজু কৰি তোলা এই ১৫০ ডবাৰ প্ৰত্যেক খনত ১৪-১৬ খন কৈ মুঠ ২,৪০০ খন বিচনাৰ ব্যৱস্থা থাকিব ৷

তিনিচুকীয়া জিলাৰ ৰেল ষ্টেচন বাবে ১০ টা ডবা সাজু কৰাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ কামাখ্যা আৰু পল্টন বজাৰ, কামৰূপ গ্ৰাম্যৰ ৰঙিয়া, ডিব্ৰুগড়ৰ পুৰণি ষ্টেচন, কৰিমগণ্জৰ বদৰপুৰ ষ্টেচন, নগাওঁৰ চাপৰমুখ ষ্টেচন, যোৰহাটৰ মৰিয়নি ষ্টেচনৰ বাবে ২০ খন ডবা সাজু কৰা হৈছে ৷

উল্লেখিত জিলাসমূহৰ ওচৰৰ জিলাৰ পৰাও ৰোগী সাজু ৰখা ডবা সমূহত থাকিব পাৰিব ৷

ইতিমধ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ মূখ্য সচিবে ৭ জিলাৰ উপায়ুক্তলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা পঠাইছে ৷