তিনিচুকীয়া গ্ৰেনেড বিস্ফোৰণক লৈ অসম আৰক্ষীৰ সন্দেহ প্ৰকাশ: সুৰক্ষা বাহিনীৰ ভুলৰ পৰিণাম!

0
100
তিনিচুকীয়া গ্ৰেনেড বিস্ফোৰণক লৈ অসম আৰক্ষীৰ সন্দেহ প্ৰকাশ: সুৰক্ষা বাহিনীৰ ভুলৰ পৰিণাম!

ডিজিটেল ডেস্ক, ১২ মে: মঙ্গলবাৰে তিনিচুকীয়া জিলাত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ২৪ ঘন্টা নৌহওতেই কাৰণ সন্দৰ্ভত অসম আৰক্ষীয়ে সামাজিক মাধ্যমযোগে চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে এই গ্ৰেনেড বিস্ফোৰণৰ ফলত জিলাখনৰ জাগুনৰ সমীপৱৰ্তী কঠা আদৰ্শ গাঁৱৰ সুৰজ হাজং নামৰ এজন কিশোৰৰ মৃত্যু হয়।

অসম আৰক্ষীযে সন্দেহ প্ৰকাশ কৰা অনুসৰি সুৰক্ষা বাহিনীৰ দৈনিক কুছ-কাৱাজৰ সময়ত ভুলক্ৰমে গ্ৰেনেডটো পৰি যায় আৰু কিশোৰজনে গ্ৰেনেডটো উঠোৱাৰ ফলত বিস্ফোৰণ সংঘটিত হয়।

উল্লেখ্য যে- ভাৰতীয় আইনৰ মতে কোনো ব্যক্তিৰ অসাৱধনতাৰ ফলত অন্য কোনো ব্যক্তিৰ মৃত্যু হ’লে; হত্যা কৰাৰ উদ্দেশ্য নাথাকিলেও তাক হত্যা বুলি গণ্য কৰা হয়৷

গতিকে এতিয়া প্ৰশ্ন হয় যে যদি অসম আৰক্ষীয়ে কোৱা ধৰণেৰে- সুৰক্ষা বাহিনীৰ অসাৱধনতাৰ ফলত এই ঘটনা সংঘটিত হৈছে তেনেহলে- এই হত্যাৰ লগত জড়িত সুৰক্ষা বাহিনীৰ জোৱান কেইজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব নে? নে ঘটনাটোক সামান্য ভুলৰ আখ্যা দি তদন্ত সামৰা যাব? মৃত কিশোৰ জনৰ পৰিয়ালে ন্যায় পাবনে?