নলবাৰীৰ এটা পৰিয়ালত নামি আহিল ঘোৰ অমানিশা। দুৰ্দশাৰ ছবিখনে চকুলো নিগৰাইছে বহুজনৰ।

0
188
নলবাৰীৰ এটা পৰিয়ালত নামি আহিল ঘোৰ অমানিশা

নলবাৰী, ২২মে’: আৰ্থিক দৈন্যতাই কোঙা কৰা নলবাৰীৰ এটা পৰিয়ালৰ কৰুণ জীৱন গাথা। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কঞাকুছি গাঁৱৰ ৰাতুল দাসৰ জীৱনৰ দুৰৱস্থাই চকুলো নিগৰাইছে বহুজনক।

পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী আছিল ৰাতুল দাস। ৰাতুলে মূড়ী বিক্ৰী কৰি পত্নী সহ: পিতৃৰ সৈতে নিজৰ তিনিজনীয়া পৰিয়ালটি পোহপাল দি জীৱন নিৰ্বাহ কৰি আহিছিল।

কিন্ত অস্বাভাৱিকভাৱে ৰাতুল দাসে পেটৰ বিষত আক্ৰান্ত হোৱাত পৰিয়ালবৰ্গই চিকিৎসালয়ত ভৰ্তি কৰাই আৰু পৰীক্ষাৰ অন্তত বৃক্ব ৰোগত আক্ৰান্ত হোৱা বুলি চিকিৎসকে সদৰী কৰে।

কোনোমতে দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৱে দাসৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক অভাৱে বিপাঙত পেলাইছে। হঠাৎ কাল অমানিশাই অন্ধকাৰ কৰি পেলোৱা পৰিয়ালটোৱে আৰ্থিক দৈন্যতাত দিগ-বিদিগ হেৰুৱাই পেলাইছে।

উল্লেখনীয় যে, আৰ্থিক অনাটনত ভূগা ৰাতুল দাসৰ পৰিয়ালটো চৰকাৰী চৰকাৰী সাহাৰ্য্যৰ পৰাও বঞ্চিত। গতিকে, এই দূৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াই পৰিয়ালটিক অন্ধকাৰৰ পৰা উদ্ধাৰ কৰিবলৈ সদাশয় ৰাইজক অনুৰোধ জনাইছে ৰাতুল দাসৰ পৰিয়ালে।

নলবাৰীৰ পৰা নুৰুল হুদা ৰিপোৰ্ট