পি.এম কিষাণ আঁচনিতেই শেষ নহয় দুৰ্নীতিৰ পোহাৰ, সংখ্যালঘু ছাত্ৰ জলপানীৰ নামত চলিছে ব্যাপক লুণ্ঠন

0
130
assam bulletin

নগৰবেৰা, ১১মে : দেশ তথা ৰাজ্যৰ জনগণৰ হিতাৰ্থে প্ৰণোদিত বিভিন্ন চৰকাৰী আঁচনি সমূহক প্ৰকৃততে বিভিন্ন দলৰ নেতা-পালিনেতা, দুৰ্নীতিগ্ৰস্ত বিষয়া তথা এচাম ভুৱা হিতাধিকাৰীয়ে খীৰতী গাই হিচাপেহে ব্যৱহাৰ কৰি আহিছে নেকি!

কামৰূপ জিলাৰ নগৰবেৰাত ভাৰত চৰকাৰৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত অহা জলপানিৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

অভিযোগ অনুসৰি বেংকৰ স্থানীয় শাখা কৰ্মচাৰীয়ে জালিয়াতিৰে পলাহৰটাৰী গাঁৱৰ প্ৰায় দুশজন গাঁওবাসীৰ নামত দহ হাজাৰ সাতশ টকাকৈ জলপানিৰ ধন বেংক একাউণ্টত সোমাই দি কমিছনৰ নামত পাচ হাজাৰ টকাকৈ আত্মসাৎ কৰি আহিছে।

আশ্চৰ্য্যজনকভাৱে সেই লোকসকল বয়স ৪০ৰ পৰা ৬০ বছৰ উৰ্দ্ধৰ।

নগৰবেৰাৰ দাঁতিকাষৰীয়া টুপামাৰী, বদলা ইত্যাদি অঞ্চলতো প্ৰাথমিক তদন্তৰ ভিত্তিত পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য। বয়োবৃদ্ধ লোকৰ পৰা বিদ্যালয়ৰ দুৱাৰ গচকি নোপোৱা একাংশ ব্যক্তিৰ পৰা পাচ হাজাৰ দুশ টকা পৰ্যন্ত কমিছন লৈ এটা দুষ্ট চক্ৰই বেংক একাউন্টত শুমুৱাই দিছে সংখ্যালঘু ছাত্ৰ জলপানিৰ বুজন ধনৰাশি।