বিশ্বনাথ জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত মন্ত্ৰী অশোক সিংঘাল

0
76
বিশ্বনাথ জিলাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত মন্ত্ৰী অশোক সিংঘাল

নিজ সংবাদদাতা (বিশ্বনাথ), ১৩ মে: বৃহস্পতিবাৰে পুৱাই বিশ্বনাথত উপস্থিত হয় সদ্য-নিৰ্বাচিত গুৱাহাটী আৰু গ্ৰাম্য উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল৷ মন্ত্ৰী গৰাকীয়ে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলাখনৰ ক’ভিড সম্পৰ্কীয় বিষয়ক লৈ জিলা উপায়ু্ক্ত প্ৰণৱ জ্যোতি শৰ্মাৰ লগত এক আলোচনাত মিলিত হয়।

আলোচনাত বৰ্তমান ক’ভিড সম্পৰ্কীয় পৰিস্থিতিৰ লগতে অনাগত দিনৰ বাবে এই মহামাৰীৰ বিৰুদ্ধে ৰণকৌশল তথা অন্যান্য প্ৰয়োজনীয় পদক্ষেপৰ ওপৰত চৰ্চা কৰা হয়।

মন্ত্ৰী গৰাকীয়ে জিলা আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু অন্যান্য সকলো বিভাগৰ লগতে সমূহ ৰাইজক একত্ৰিত হৈ মহামাৰী ক’ৰণাৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়৷ লগতে ক’ভিড সম্পৰ্কীয় সজাগতা সৃষ্টি কৰিবলৈ আৰু সজাগ হ’বলৈ সকলোকে আহ্বান জনায়৷

ইয়াৰ পাছতে মন্ত্ৰী গৰাকী তেজপুৰলৈ বুলি ৰাওনা হয় ৷