বিশ্বনাথত প্ৰব্ৰজিত শ্ৰমিকৰ দলক আতিথ্য বাছত তুলি গুৱাহাটীলৈ প্ৰেৰণ

0
171
বিশ্বনাথত প্ৰব্ৰজিত শ্ৰমিকৰ দলক আতিথ্য বাছত তুলি গুৱাহাটীলৈ প্ৰেৰণ

বিশ্বনাথ,২৫ মে’: বিশ্বনাথত প্ৰব্ৰজিত শ্ৰমিকৰ দলক আতিথ্য দি এইবাৰ প্ৰশংসাৰ পাত্ৰ হৈছে বিশ্বনাথৰ কুঁ‌ৱৰী গাঁও পঞ্চায়ত।উল্লেখ্য যে যোৱা ২২মে’ত অৰুণাচল প্ৰদেশৰ পৰা পদযাত্ৰা কৰা মধ্যপ্ৰদেশৰ এটি ৯ জনীয়া শ্ৰমিকৰ দলক বিশ্বনাথৰ বৰকুৰাত উদ্ধাৰ কৰা হৈছিল।

অৰুণাচল প্ৰদেশৰ ডি বি আৰ নামৰ এটা পথ নিৰ্মাণকাৰী সংস্থাৰ অধীনত কৰ্মৰত শ্ৰমিককেইজনে ঠিকাদাৰৰ অজ্ঞাতে গোপনে গৃহ অভিমুখী যাত্ৰা বিশ্বনাথত উপস্থিত হোৱাৰ পিছত কুঁৱৰী পঞ্চায়তত আশ্ৰয় দিয়াৰ লগতে খাদ্য সামগ্ৰীৰো যোগান ধৰা হয়। নেৰা-নেপেৰা বৰষুণৰ বাবে আৱদ্ধ দলটোক আজি এখন ট্ৰেভেলাৰৰ জৰিয়তে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

বহিঃৰাজ্যৰ শ্ৰমিকৰ দুৰ্দশাৰ মাজতে মধ্যপ্ৰদেশৰ সিদ্ধি জিলাৰ কিংক , ম° আৰিফ, ম° কুদ্দুছ, চোটে লাল, অনিল ৰাৱত, কল্লু পল, ম° চেৰোৱাৰ, ৰাকেশ কুমাৰ জয়ছোৱাল, ৰাম অৱতাৰ চাহুক বিশ্বনাথ জিলা প্ৰশাসনৰ দ্বাৰা পঞ্চায়ত যোগেদি আগবঢ়োৱা সেৱাত অত্যন্ত সুখী শ্ৰমিকৰ দলটো। অৰুণাচলৰ পাহাৰৰ ঘন জংঘলে জংঘলে ,নদী পাৰ হৈ খোজকাঢ়ি আহিছিল ৯ জনীয়া শ্ৰমিকদলটো ।