চৰাইদেউত মন্ত্ৰী: সাংসদ আৰু বিধায়িকাই বিতৰণ কৰিলে অনুদান সামগ্ৰী

0
35
চৰাইদেউত মন্ত্ৰী_ সাংসদ আৰু বিধায়িকাই বিতৰণ কৰিলে অনুদান সামগ্ৰী

সোণাৰি ১৭ জুন: চৰাইদেউ জিলাত আজি ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু অনুসুচিত জাতি কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা ২০১৯-২০ বৰ্ষৰ বাবে আবণ্টিত টিনপাত, খেলৰ সাজ পোচাক, ফিল্টাৰ আৰু চিলাই মেচিন জিলাখনৰ হিতাধিকাৰী সকলৰ মাজত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন‌ মহন,‌ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি বিধানসভা সমষ্টিৰ বিধায়িকা নৱনিতা সন্দিকৈয়ে আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়। চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ সঞ্চালনাত সম্পন্ন হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত দীপক কুমাৰ ভূঁঞায়ে ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে এই সামগ্ৰীসমূহৰ দ্বাৰা দুখীয়া ৰাইজ উপকৃত হ’ব বুলি মন্তব্য কৰে আৰু লগতে মন্ত্ৰীগৰাকীয়ে অনাগত দিনত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰোঁতে ল’বলগীয়া প্ৰয়োজনীয় সাৱধানতা আৰু কোনো কাৰণতে যাতে একেজন হিতাধিকাৰীয়ে বাৰে বাৰে অনুদান লাভ নকৰে সেই বিষয়টো নিশ্চিত কৰিবলৈ বিভাগীয় বিষয়া-কৰ্মচাৰী সকলক নিৰ্দেশ দিয়ে ।

অন্যহাতেদি সাংসদ তপন কুমাৰ গগৈয়ে অনুষ্ঠানত উপস্থিত থাকি মন্তব্য কৰে যে ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠী সমূহক আগুৱাই নিয়াৰ বাবে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল বোৰক আগুৱাই নিয়াৰ বাবে আৰু স্থানীয় যুৱতী সকলক আগুৱাই নিয়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ই এটা অতি প্ৰসংশনীয় পদক্ষেপ ।

এই সামগ্ৰীসমূহ সদব্যৱহাৰ কৰি উপাৰ্জনৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ যুৱক যুৱতী সকলক সাংসদ গগৈয়ে আহ্বান জনায়। এই বৰ্ষত অনুদান লাভ নকৰা ব্যক্তি সকলে পৰৱৰ্তী বৰ্ষত সামগ্ৰী লাভ কৰিব‌ বুলি তেখেতে কয়। সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈয়েও আজিৰ অনুষ্ঠানত বক্তব্য আগবঢ়ায়। বিতৰণ অনুষ্ঠানৰ আঁ‌তধৰে সমাজকৰ্মী দিলীপ কোঁৱৰে।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বড়া, সোণাৰি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তিলক নেওগ, চৰাইদেউ জিলা পৰিষদৰ উপ সভাপতি দিগন্ত ৰাজকোঁৱৰ, তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, সমাজকৰ্মী লক্ষ্মীনাথ তাছা, স্বাক্ষৰ গগৈৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ।

ইন্দ্ৰ কোঁৱৰ, সোণাৰি