পশ্চিম কাৰ্বি আংলং উপায়ুক্তৰ কাৰ্যালয়ত কভি’ড-১৯’ক লৈ গুৰুত্বপূৰ্ণ সভা

0
200

পশ্চিম কাৰ্বি আংলং, ২৩ মে: পশ্চিম কাৰ্বি আংলং জিলাত প্ৰথম বাৰৰ বাবে দুগৰাকীকৈ ব্যক্তিৰ দেহত কভি’ড -১৯ +ve পোৱা গৈছে। যুৱক দুগৰাকী জিলাখনৰ খেৰণী আৰক্ষী থানাৰ অন্তৰ্গত হাৱাইপুৰ জিৰিবাছাৰ অজয় শিৱা (২২ ) আৰু ভীম ভদ্ৰ শিৱা (২২) বুলি জানিব পৰা গৈছে ৷

দুয়োগৰাকী গুৱাহাটীৰ সৰুসজাইৰ অধীনস্থ পল্টন বজাৰস্থিত মহালক্ষ্মী হোটেলত সম্প্ৰতি কোৱাৰান্টাইনত আছে ৷

যুৱক দুজনৰ দেহত কভিত-১৯ +ve পোৱাৰ পাছত সম্প্ৰতি অধিক কটকটীয়া ব্যৱস্থা গঢ়ি তুলিছে কাৰ্বি আংলং জিলা প্ৰশাসনে। ইপিনে, আজি জিলাখনৰ সদৰ হামৰেণস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত কৰ’ণা ভাইৰাছ কভি’ড-১৯’ৰ ওপৰত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা।

স্থানীয় বিধায়ক ডাঃ মানছিং ৰংপিৰ সভাপতিত্বত অনুস্থিত সভাখনত পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত চৈয়দ ইচফাকুৰ ৰহমান, আৰক্ষী অধীক্ষক ডাঃ ৰমনদ্বীপ কৌৰ, ই.এম আৰু এম.এ.চি সকলৰ উপৰিও জিলা খনৰ অধীনস্থত থকা পৌৰ সভা কেইখনৰ অধ্যক্ষ সকলৰ উপস্থিতি থাকে।

স্থানীয় বিধায়ক গৰাকীক অধক্ষ্য হিচাপে লৈ জিলা ভিত্তিক এখনি দুৰ্যোগ ব্যৱস্থাপনাৰ সমিতি গঠন কৰাৰ লগতে ৯টা পৰিষদীয় সমষ্টিততো এম.এ.চি সকলক সভাপতি হিচাপে লৈ সমষ্টি ভীত্তিত একোখনকৈ দুৰ্যোগ ব্যৱস্থাপনাৰ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।