দৰঙৰ খাৰুপেটীয়াত অবৈধ ভাং জব্দ- আটক ধৃত ৰেজাউল ।

0
659

মঙ্গলদৈ, ১১ অক্টোবৰ : শুকুৰবাৰে দুপৰীয়া এক গোপন খবৰৰ ভিত্তিত খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকা, উপ-পৰিদৰ্শক এস্থাৰ সুৰেন সহিতে এক আৰক্ষীৰ দলে খাৰুপেটীয়াৰ থানা এলেকাৰ পূব-বাহাবাৰী অঞ্চলৰ ৰেজাউল কৰিমৰ ঘৰৰ পৰা আনুমানিক প্ৰায় ১৭ কেজি ভাং অবৈধ বাবে মজুত কৰি ৰখা অৱস্থাত জব্দ কৰে । সম্প্ৰতি পূব-বাহাবাৰীৰ আবু নৌচাদৰ পুত্ৰ ৰেজাউলক আটক কৰি অধিক তথ্যৰ বাবে জেৰা চলাই আছে। উল্লেখযোগ্য যে শেহতীয়া ভাবে আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত খাৰুপেটীয়া থানা এলেকাত বিভিন্ন অপৰাধ মূলক কাম তথা অবৈধ নিচা জাতীয় সামগ্ৰী সৰ্বৰাহকাৰীৰ বিৰুদ্ধে সফল অভিযান চলাই অহা পৰিলক্ষিত হৈ আহিছে।