বিশ্বনাথ চাৰিআলি, ৯জুন: বিশ্বনাথ চাৰিআলিৰ ন গাঁও নিবাসী ফেনখোৱা খ্যাত হেম বৰাৰ কালি বিয়লি৫-৩০বজাত নিজা বাস ভৱনত ৭২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি ২জন পুত্ৰ আৰু ১ গৰাকী কন্যা সন্তান ইহঃ সংসাৰত এৰি থৈ যায়।
উল্লেখ্য যে সমগ্ৰ ৰাজ্যতে এক জনপ্ৰিয় আৰু পৰিচিত চৰিত্ৰ “ফেনখোৱা”। মানুহৰ মুখে মুখে প্ৰচলিত বহু ৰূপক কাহিনীৰো সৃষ্ট হৈছে এই ফেনখোৱা চৰিত্ৰৰ পৰাই। সকলোৰে মাজত ফেনখোৱা নামৰেই পৰিচিত বিশ্বনাথ চাৰিআলিৰ নগাঁও নিৱাসী হেম বৰাৰ মৃত্যুত অঞ্চল টোত গভীৰ শোকৰ ছাঁ পৰে।। খুহুতীয়া কথা বতৰা, অমায়িক ব্যৱহাৰ আৰু আনৰ মন জয় কৰিব পৰা স্বভাৱৰ বাবে সকলো লোকৰ মাজত জনপ্ৰিয় হেম বৰা আছিল শংকৰী কলা সংস্কৃতিৰ নীৰৱ সাধক আৰু এজন সুনিপুন ভাৱৰীয়া। তেখেতৰ জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনাৰ আলম লৈ ফেন খোৱা নামৰ এখন ধাৰাবাহিক প্ৰচাৰিত হৈছিল। ধাৰাবাহিকে এসময়ত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।
তেখেতৰ মৃত্যুত বিশ্বনাথৰ বহু কেইজন শিল্পী কলা কুশলীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। ন গাঁও গাঁও সংগঠনে তেওঁৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰে। তেওঁৰ অন্তেষ্টিক্ৰিয়া আজি নিজা গাওঁত শোকাকুল পৰিৱেশত সম্পন্ন কৰা হয়।