গুৱাহাটী, ২৭মে’: ঘূৰ্ণীবতাহ আম্ফানৰ বিভীষিকাময় ৰুদ্ৰমূৰ্ত্তিৰ পিছতে ৰাজ্যত বিগত কিছুদিন ধৰি চলি আছে নেৰানেপেৰা বৰষুণ।
কিন্তু ইয়াৰ মাজতে ভাৰতীয় বতৰবিজ্ঞান বিভাগে পুনৰ জাৰি কৰিছে সতৰ্কবাণী ।
অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অহা ৩-৪ দিন ধৰি মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।
অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু উপ-হিমালয় অঞ্চলৰ পশ্চিমবংগ তথা ছিকিমৰ বিভিন্ন প্ৰান্তত প্ৰবলৰ পৰা অতি প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে ।
ইয়াৰোপৰিও, বতৰ বিজ্ঞান বিভাগে দক্ষিণ-পশ্চিম আৰৱ সাগৰৰ ওপৰেৰে প্ৰতিঘন্টাত ৪০-৫০ কি:মি: বেগত প্ৰবল স্থলবতাহ বলাৰ আগজাননী দিছে ।