ডিব্ৰুগড় আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হত্যাকাৰীৰ

0
226
ডিব্ৰুগড় আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হত্যাকাৰীৰ

ডিব্ৰুগড়, ১৯ মে’: আৰক্ষীৰ এনকাউন্টাৰত ১৮ মে’ নিশা মৃত্যু হয় পত্নী,পুত্ৰ সহিতে মোমায়েকক হত্যা কৰা প্ৰাক্তন SSB জোৱান সঞ্জয় দাসৰ।

উল্লেখ্য যে ১৮ মে’ত দিনৰ প্ৰায় ১১.৩০ বজাত পত্নী,পুত্ৰ আৰু মামায়েকক গুলীয়াই হত্যা কৰি পলায়ন কৰিছিল সঞ্জয় দাসে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে হত্যাকাৰী সঞ্জয় দাসক মীন বিভাগৰ এটা পৰিত্যক্ত কাৰ্য্যালয়ত লুকাই থকা অৱস্থাত চাৰিওফালৰ পৰা ঘেৰাও কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিশা প্ৰায় ১২-৩ লৈকে সঞ্জয় দাসক আত্মসমৰ্পন কৰিবলৈ বুজনি দিয়া হৈছিল। কিন্তু দাসে আৰক্ষীলৈ বুলি গুলী চালনা কৰাত আৰক্ষী বাহিনী আত্মৰক্ষাৰ বাবে ওলোটাই গুলীয়াব বাধ্য হয়। ফলত হত্যাকাৰী সঞ্জয় দাসৰ থিতাতে মৃত্যু হয়।

মৃত সঞ্জয় দাস সুৰাৰ লগতে জুৱাৰ প্ৰতিও আসক্ত আছিল বুলি জানিব দিয়ে আৰক্ষীয়ে।