ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ

0
111
মাতংগ সিং

ডিজিটেল ডেস্ক, ৬ মে: কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতা্ংগ সিঙৰ আজি পুৱা  দহ বজাত দেহাৱসান ঘটে। মন্ত্ৰী গৰাকী দিল্লীৰ এখন চিকিৎসালয়ত কোভিত ১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

তেওঁ ১৯৬২ চনত অসমৰ   তিনিচুকীয়া জিলাত জন্ম গ্ৰহণ কৰে। তেখেত ১৯৯২ চনত অসমৰ পৰা ৰাজ্য সভালৈ  নিৰ্বাচিত হয়। আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৬ চনলৈ কাৰ্যনিৰ্বাহ কৰে।

উল্লেখযোগ্য যে, তেওঁক ২০১৫ চনৰ ৩১‌জানুৱাৰী তাৰিখে বহু বিতৰ্কিত সাৰদা কেলেঙ্কাৰী চক্ৰান্তত জড়িত থকাৰ অভিযোগত চি বি আই য়ে গ্ৰেপ্তাৰ কৰিছিল। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকী অসমৰ প্ৰথম চেটেলাইট চেনেল এন ই টিভিৰ স্বতাধিকাৰী আছিল।