দিহিং পাটকাই সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

0
120
ex cm tarun gogoi writes letter to cm

গুৱাহাটী, ২৩মে: কেন্দ্ৰীয় চৰকাৰে পূবৰ আমাজান খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰাৰ কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া।

বৰ্ষাৰণ্যখনত ‘Standing Committee of National Board for Wildlife’য়ে শেহতীয়াকৈ কয়লা খননৰ বাবে দিয়া অনুমতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ প্ৰকৃতি প্ৰেমী দল-সংগঠন।

সমান্তৰালকৈ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও যথেষ্ট সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে উক্ত বিষয়টোক লৈ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰ।

পত্ৰখনত দিহিং পাটকাইত ক’ল ইণ্ডিয়া লিমিটেডক কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰাৰ ফলত উক্ত বৰ্ষাৰণ্যখনৰ জৈৱ-বৈচিত্ৰতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিলক্ষিত হোৱাৰ আশংকা প্ৰকাশ কৰে।

উক্ত সিদ্ধান্তক ‘অপমানজনক’ আখ্যা দিয়াৰ লগতে অতি শীঘ্ৰেই সিদ্ধান্তটো বাতিল কৰিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী জনায়।