সোণাৰিত পৰিৱেশ সুৰক্ষাৰ লক্ষ্যৰে লুৰিণ-জুবিন-বিপিন

0
412
সোণাৰিত পৰিৱেশ সুৰক্ষাৰ লক্ষ্যৰে লুৰিণ-জুবিন-বিপিন

সোণাৰি, ১৭, মে’: দেশত অব্যাহত থকা লক’ডাউনৰ মাজতে সোণাৰিৰ দুগৰাকী প্ৰকৃতিপ্ৰেমীৰ প্ৰশংসনীয় প্ৰদক্ষেপ। অসমৰ জাতীয় জীৱনৰ লগত সংপৃক্ত তিনিগৰাকী লোকৰ নামেৰে ৰোপন কৰিছে সোণাৰু গছৰ পুলি। সোণাৰুৰ হালধীয়াৰে সোণাৰিক উজ্জীৱিত কৰি তুলিবলৈ গ্ৰহণ কৰিছে এই প্ৰশংসনীয় প্ৰদক্ষেপ।

সোণাৰিৰ অনুপ পাটকাই আৰু অমিত শ্যাম নামৰ দুজন ব্যক্তিয়ে সোণাৰিৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপণৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ কামত ব্ৰতী হৈ আহিছে।

আজি অনুপ পাটকাই আৰু অমিত শ্যাম নামৰ ব্যক্তি দুগৰাকীৰ উদ্যোগত সোণাৰিৰ চলাপথাৰ, দিচাংপানী, বৰচহকী গঞাক লগত লৈ অঞ্চলটোত সহস্ৰাধিক সোণাৰু পুলি ৰোপন কৰা হয়।

উল্লেখ্য যে দীৰ্ঘদিনীয়া পৰিকল্পনাৰ অন্তত অসমৰ জাতীয় জীৱনৰ লগত সংপৃক্ত তিনিগৰাকী ব্যক্তি ক্ৰমে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ, জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আৰু বিপিন চাউদাংৰ নামেৰে একাদিক্ৰমে নামকৰণ কৰা হয় ৰোপন কৰা সোণাৰু গছৰ পুলিকেইডালৰ।

লুৰিণ-জুবিন-বিপিন সোণাৰু প্ৰকল্প নামেৰে গ্ৰহণ কৰা এই বৃক্ষ ৰোপন কাৰ্যসূচীৰ জৰিয়তে ঐতিহ্যমণ্ডিত বৌদ্ধ পৰ্যটন কেন্দ্ৰ চলাপথাৰ আৰু দিচাংপানী অঞ্চলত সোণাৰুৰ হালধীয়াৰে ভৰাই তোলাৰ লক্ষ্য ৰাখিছে উদ্যোক্তাদ্বয়ে।

আনহাতে আজি চলাপথাৰ বৌদ্ধ বিহাৰত বিহাৰাধ্যক্ষ বিশিষ্ট বৌদ্ধ সাহিত্যিক তথা আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ভদন্ত শাসনবংস মহাথেৰে লুৰিন-জুবিন-বিপিন সোণাৰু প্ৰকল্পৰ শুভাৰম্ভ কৰে।

স্মৰ্তব্য যে, অনুপ পাটকাই নামৰ এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ইতিমধ্যে চৰাইদেউ জিলাৰ বৰচহকীৰ লগতে দিচাংপানী আদি অঞ্চলত বহু হাজাৰ গছপুলি ৰোপণ কৰি এক আদৰ্শ দেখুওৱাবলৈ সক্ষম হৈছে।

সোণাৰিৰ পৰা ইন্দ্ৰ কোঁৱৰৰ প্ৰতিবেদন।