পোন্ধৰ লাখ টকাৰ ড্ৰাগছসহ দুজন ড্ৰাগছ্ সৰবৰাহকাৰী আটক

0
26
পোন্ধৰ লাখ টকাৰ ড্ৰাগছসহ দুজন ড্ৰাগছ্ সৰবৰাহকাৰী আটক

বিশ্বনাথ, ১১ জুন: বিশেষ সূত্ৰৰ পম খেদি যোৱা কালি সন্ধ্যা নগাঁৱৰ পৰা লখিমপুৰ অভিমূখী AS-07M-8922 নম্বৰৰ এখন নীলা ৰঙৰ I-20 বাহনৰ সৈতে দুজন সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীক নিয়মীয়া তালাচীত আটক কৰে চতিয়া আৰক্ষীয়ে৷ ড্ৰাগছ কঢ়িয়াই অনা যুৱক দুজন ক্ৰমে জীতেন বিশ্বাস আৰু সঞ্জয় ভট্টাচাৰ্য৷ দুয়োজনৰে ঘৰ লখিমপুৰ জিলাৰ লালুকত৷

আৰক্ষীৰ তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি চতিয়া আৰক্ষী থানাৰ সমীপত নিয়মীয়া তালাচী চলাই থাকোতে বুধবাৰে নিশা উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ ড্ৰাগছখিনি৷ প্ৰথমতে দুয়োজনৰে পৰা চিৰিঞ্জ আৰু হেৰ’ইনভৰ্তি এটা টেমা উদ্ধাৰ কৰা হৈছিল৷ পিছত ড্ৰাগছ কঢ়িয়াই অনা গাড়ীখন তন্ন তন্নকৈ পৰীক্ষা কৰাত লুকুৱাই থোৱা অৱস্থাত ১৫টা বস্কত উদ্ধাৰ হয় হেৰ’ইন৷ গাড়ীৰ দৰ্জাৰ ফাইবাৰৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছসমূহ৷ জব্দ কৰা হেৰ’ইনখিনিৰ ওজন ১৮০ গ্ৰাম আৰু বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা৷ নগাঁও জিলাৰ কলিয়াবৰৰ এক গোপন স্থানৰ পৰা সংগ্ৰহ কৰিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছ৷
আনহাতে, গ্ৰেপ্তাৰ হোৱা জিতেন বিশ্বাস পূৰ্বৰে পৰা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত৷ ২০১৫ চনত দৰঙৰ ছিপাঝাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিতেনক৷ অৰুণাচলৰ নাহৰলগুনতো ৮৫ গ্ৰাম হেৰ’ইন আৰু এটা 9mm পিষ্টল সহ জিতেনক চাৰিগৰাকী সহযোগীৰ সৈতে পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷

ইফালে, সঞ্জয় ভট্টাচাৰ্য নামৰ লোকজন কাৰাগাৰত আছিল আৰু কোভিড-১৯ মহামাৰীৰ আতংকৰ বাবে শেহতীয়াকৈ জে’লৰ পৰা মুকলি কৰি দিয়া হৈছিল৷ ইতিমধ্যে ড্ৰাগছসহ দুয়োজনকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা–পোছা চলাই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিছে৷