গহপুৰৰ ডিপৰা ভীম বাহাদুৰ হাইস্কুল এলেকাক কন্টেইনমেন্ট জ’ন ঘোষণা

0
18
গহপুৰৰ ডিপৰা ভীম বাহাদুৰ হাইস্কুল এলেকাক কন্টেইনমেন্ট জ'ন ঘোষণা

বিশ্বনাথ চাৰিআলি, ১২ জুন: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ডিপৰা ভীম বাহাদুৰ হাইস্কুলসহ হাইস্কুল খনৰ চৌহদ এলেকাক গহপুৰ মহকুমা প্ৰশাসনে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

কোৱাৰেন্টিন কেন্দ্ৰ হিচাপে থকা মহকুমাটোৰ ডিপৰাৰ এই বিদ্যালয়খনত গাওঁ পৰ্য্যায়ৰ কোৱাৰেন্টিন হৈ থকা হৰিন বৰাল নামৰ ২৭ বছৰীয়া যুৱক এজন ৭ জুনৰ দিনা ক’ভিড-১৯ ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমিত হোৱাটো ধৰা পৰাত গহপুৰ মহকুমা প্ৰশাসনে ৮ জুনত এক আদেশ যোগে যুৱক জন কোৱাৰেন্টাইন হৈ থকা ডিপৰা ভীম বাহাদুৰ হাইস্কুলসহ হাইস্কুল খনৰ চৌহদ এলেকাক কন্টেইনমেন্ট জ’ন ঘোষণা কৰে।

গহপুৰ মহকুমাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা এই আদেশ ৯ জুনৰ পুৱা ১০ বজাৰ পৰা কাৰ্য্যকৰী হৈছে। আদেশত ইয়াৰ লগতে এই অঞ্চলৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক বাফাৰ জ’ন হিচাপেও ঘোষণা কৰিছে।উল্লেখ্য যে, আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে প্ৰশাসনে জাৰি কৰা কোভিড-১৯ৰ নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক ৷

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷

এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫, মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭’ৰ লগতে অনান্য আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

স্মৰ্তব্য যে গহপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ ডিপৰা অঞ্চলৰ বাসিন্দা হৰিন বৰাল নামৰ ২৭ বছৰীয়া যুৱকজন মহাৰাষ্ট্ৰৰ পৰা আহি প্ৰথমে প্ৰতিষ্ঠানিক কোৱাৰেন্টিন আৰু পিছত এই বিদ্যালয় খনত গাঁও পৰ্য্যায়ৰ কোৱাৰেন্টিনত আছিল ।