চাইকেল লৈ শাক-পাচলি বিক্ৰী কৰি নিজৰ ঘৰখন চলাই অহা জানমনি গগৈক বাইক উপহাৰ ডিব্ৰুগড় আৰক্ষীৰ

0
263
জানমনি গগৈক বাইক উপহাৰ ডিব্ৰুগড় আৰক্ষীৰ

ডিব্ৰুগড়, মে’ ১২ : ডিব্ৰুগড় জিলাৰ মধ্যবিত্ত পৰিয়ালৰ ছোৱালী জানমনি গগৈৰ জীয়া সংগ্ৰামৰ কাহিনী শুনিলে আপোনাৰ দুচকু তিতি উঠিব। নিতৌ চাইকেল লৈ শাক-পাচলি বিক্ৰী কৰি নিজৰ ঘৰখন চলাই অহা ছোৱালীজনীয়ে বৰ্তমান ৰুগীয়া পিতৃক চোৱা-চিতা কৰাৰ দায়িত্ব‌ও পালন কৰি আহিছে।

বিশ্বব্যাপী হোৱা ক’ৰোণা ভাইৰাছৰ ত্ৰাসত হোৱা লকডাউনৰ সময়চোৱাত প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসৰি ডিব্ৰুগড়ৰ যুৱতী জানমনি গগৈয়ে দুখীয়া পৰিয়ালটোক পোহপাল দিবলৈ চাইকেল এখনত শাক-পাচলি কঢ়িয়াই ঘৰে ঘৰে বিক্ৰী কৰি ফুৰিছিল।

এনেতে, ৰুগীয়া পিতৃক চোৱা-চিতা কৰি ঘৰখন চলাই নিবলৈ জানমনিয়ে কৰা জীৱন সংগ্ৰামৰ জীয়া ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

তাৰ পিছতেই যুৱতী গৰাকীৰ এনে সৎ সাহস দেখি উৎসাহ যোগাবলৈ অসম আৰক্ষীৰ হৈ ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসনৰ কেইবাজনো লোক যুৱতী গৰাকীৰ ঘৰত উপস্থিত হয়। লগতে যুৱতী গৰাকীৰ খবৰ লৈ সাহায্য আগবঢ়ায়।

তাৰোপৰি সাহসী যুৱতী জানমনি গগৈক ডিব্ৰুগড় জিলাৰ উপ-আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰে এখন দুচকীয়া বাহন উপহাৰ দিয়ে। আৰু ভবিষ্যতে আগুৱাই যাবলৈ উৎসাহ প্ৰদান কৰে।