দৰং আৰক্ষীৰ অভিযানত হস্তনিৰ্মিত ৰাইফলসহ আটক ২

0
86
দৰং আৰক্ষীৰ অভিযানত হস্তনিৰ্মিত ৰাইফলসহ আটক ২

নিজ সংবাদদাতা (মংগলদৈ), ২৩ মে: দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত হোৱা এক অভিযানত হস্ত নিৰ্মিত ৰাইফল, সেনা-আৰক্ষী পোছাক সহ 2 জন ব্যক্তিক আটক কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি এক নিশ্চিত গোপন সূত্ৰৰ পম খেদি দৰং আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকা নেতৃত্বত তথা মঙলদৈ থানা আৰু ধূলা থানাৰ এটি দলে মঙ্গলদৈ থানাৰ অন্তৰ্গত বগমাৰী চৰত এক অভিযান চলায়।

অভিযানত জনৈক মইন আলিৰ ঘৰত দুষ্কাৰ্যৰ পৰিকল্পনা কৰি আত্মগোপন কৰি থকা অৱস্থাত ৫ টাকৈ হস্ত নিৰ্মিত ৰাইফল, ৮ জোৰ সামৰিক পোছাক, ১ জোৰ আৰক্ষীৰ পোছাক সহ ধূলা থানাৰ অন্তৰ্গত ধনশিৰিকাষৰ হাৰুনুল ৰছিদ আৰু মঙ্গলদৈ থানাৰ অন্তৰ্গত বান্দীয়াৰ চহৰ আলিক আটক কৰে ।

সম্প্ৰতি দৰং আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।