বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ক’ভিড আক্ৰান্ত দুই প্ৰসূতিয়ে জন্ম দিলে দুই সন্তান

0
61
বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ক'ভিড আক্ৰান্ত দুই প্ৰসূতিয়ে জন্ম দিলে দুই সন্তান।

নিজ সংবাদদাতা (বিশ্বনাথ), ২০ মে:  বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ক’ভিড আক্ৰান্ত দুগৰাকী প্ৰসূতিয়ে প্ৰসৱ কৰিলে দুটি সন্তান।

বিহালী ৰাংচালী গাঁৱৰ নিৰ্মলা বাউৰি নামৰ প্ৰসূতিয়ে ১৮ মে তাৰিখে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ কেন্দ্ৰত জন্ম দিয়ে পুত্ৰ সন্তান।

তাৰ পিছ দিনাই অৰ্থাৎ যোৱা কালি পুনৰ এই ক’ভিড কেয়াৰ কেন্দ্ৰত বিশ্বনাথৰ নিলপুৰ চাহ বাগিচাৰ লিকিটা গোৱালা নামৰ প্ৰসূতিয়ে জন্ম দিয়ে এক কন্যা সন্তান।

দুয়ো গৰাকী প্ৰসূতিয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ক’ভিড ৰোগত আক্ৰান্ত হৈ থকা সময়তে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সকলৰ প্ৰচেষ্টাত নৰ্মেল ডেলিভাৰী কৰাই জন্ম দিয়ে দুটি সুস্হ সবল সন্তান।

বিশ্বনাথ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি দুয়ো গৰাকী ক’ভিড আক্ৰান্ত মাতৃকে পৰ্য্যাপ্ত যত্ন লোৱা হৈছে।

উল্লেখযোগ্য যে জন্ম হোৱা সন্তান দুটি ক’ভিড আক্ৰান্ত হয় নে নহয় সেই বিষয়ে এতিয়াও জানিব পৰা যোৱা নাই।চিকিৎসকে দুদিনৰ পিছতহে জন্ম হোৱা শিশু দুটিৰ ক’ভিড টেষ্ট কৰাব আৰু তাৰ পিছতহে সন্তান দুটিৰ শাৰীৰিক অৱস্হা গম পোৱা যাব।

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত এই দৰে দুগৰাকী কভিড আক্ৰান্ত প্ৰসূতিয়ে সুস্হ সবল সন্তান জন্ম দিয়া ঘটনাই সাধাৰণ ৰাইজৰ মনত নিৰাশাৰ সময়ত এক আশাৰ বতৰা কঢ়িয়া আনিছে।