ক’ৰোণা প’জিটিভ ৰোগীৰ হেমাহিত হাহাকাৰ নগাওঁ জিলাৰ কঠীয়াতলীত

0
38
কৰোণা-পজিটিভ-ৰোগীৰ-হেমাহিত-হাহাকাৰ-নগাওঁ-জিলাৰ-কঠীয়াতলীত

কঠীয়াতলী, ৮ জুন: নগাওঁ জিলাৰ কঠীয়াতলীৰ অৰ্ন্তগত শগুনবাহী চাহ বাগিছাৰ চিকিৎসালয় লাইনত আতঙ্কময় পৰিবেশৰ সৃষ্টি হয়। সুদুৰ মহাৰাষ্ট্ৰৰ পৰা আহি নেহেৰুবালিত ছোৱাবৰ নমুনা সংগ্ৰহ কৰি কামপুৰত প্ৰতিষ্ঠানিক কোৱাৰেনটাইনত ভৰ্ত্তী হয় শগুনবাহী হচপিতাল লাইনৰ ১৮ বছৰীয়া যুৱক সাগৰ নায়ক।

৭ দিন প্ৰতিষ্ঠানিক কোৱাৰেনটাইনত থকাৰ পিছত ৪জুনত তেওঁক ৰিলিজ দি হোম কোৱাৰেনটাইনত থাকিবৰ বাবে ঘৰলৈ প্ৰেৰণ কৰে। সম্পূৰ্ণ ৫ দিন হোম কোৱাৰেনটাইনত থকাৰ পিছত তেওঁৰ ছোৱাব পৰীক্ষাৰ ৰিজাল্ট কভিড-১৯ পজিটিভ আহে। লগে লগে চিকিৎসক কৰ্মীযে যুৱক জনক নিবলৈ আহে যদিও ঘৰৰ মানুহে যুৱক জনক চমজাই নিদিয়াত স্থানীয় পুলিচ বাহিনীৰ সহায়ত যোৱা ৰাতি যুৱক জনক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে। মন্তব্য যে ৫ দিনৰ হোম কোৱাৰেনটাইনত থকা অৱস্থাত যুবক জনে কোনো নিয়ম নামানি সকলোতে ঘুৰি ফুৰাৰ ফলত ৰাইজৰ মাজত আতঙ্ক বিৰাজ কৰিছে সেই বাবে আজি সমগ্ৰ চাহ বাগিছা বন্ধ পালন কৰা হয়।