টিংৰাইত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ বুজ লবলৈ উপস্থিত মুখ্যমন্ত্ৰী

0
51
টিংৰাইত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ বুজ লবলৈ উপস্থিত মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ১৫ মে: শুক্ৰবাৰে টিংৰাই চাৰিআলি বজাৰত সংঘটিত বিস্ফোৰণস্থলীত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।

বিস্ফোৰণত নিহত হোৱা সুৰজিত তালুকদাৰৰ ঘৰ উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই নিহত সুৰজিত তালুকদাৰৰ লগতে ঘটনাত নিহত আন এক ব্যক্তি সঞ্জীৱ সিংহৰ পৰিয়াল লৈ ৫ লাখ টকাৰ এককলীন সাহায্যৰ কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনাত আহত ব্যক্তিসকলৰ চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

দুৰ্বৃত্তৰ এনে কাৰ্যক কোনোপধ্যেই লোৱা নহ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে গ্ৰেনেড বিস্ফোৰণৰ উচিত তদন্তৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিয়ে ।