চৰাইদেউ জিলাৰ চ’লা চলা গ্ৰাম্য অভয়াৰণ্যত বনানীকৰণ কাৰ্যসূচী

0
174
চ'লা চলা গ্ৰাম্য অভয়াৰণ্যত বনানীকৰণ কাৰ্যসূচী

চৰাইদেউ, ২১ মে’: চৰাইদেউ জিলাৰ চ’লা গ্ৰাম্য অভয়াৰণ্যক ইয়াৰ পূৰ্বৰ সজীৱ অৱস্থালৈ ঘুৰাই আনিবলৈ বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিছে ‘চ’লা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিয়ে’।

শেহতীয়াকৈ চ’চাইটিখনৰ সদস্য পিয় চেং চউলু, সুকুমাৰ শ্যাম, প্ৰাচুৰ্য শ্যাম, তুলন শ্যাম, ৰূপম শ্যাম, লক্ষীপ্ৰসাদ শ্যাম, অশোক শ্যাম, চন্দন পাংয়ক, বিনোদ কামথং, ডেনী বৰুৱা, বীৰেন মূড়াকে ধৰি বহু সংখ্যক সদস্যই অভয়াৰণ্যখনৰ ৰক্ষণাবেক্ষণ কৰিবলৈ নিজকে নিয়োজিত কৰিছে। চ’লা সংৰক্ষিত বনাঞ্চলক চলা গ্ৰাম্য অভয়াৰণ্য নামেৰে নামাকৰণ কৰাৰ পাছত অব্যাহত ৰাখিছে বনানীকৰণ কাৰ্যসূচী।

চ’লা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিৰ নেতৃত্বত চলাপথাৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাইজে অব্যাহত ৰাখিছে এই কাৰ্যসূচীৰ। চ’ছাইটিৰ অন্তৰ্গত চ’লাপথাৰ শ্যাম গাঁও, খনা চাহ বাগিচা, পানীবিল, বনগাঁও, কলাখাটিৰ সদস্যসকলে গ্ৰাম্য অভয়াৰণ্য খনৰ মুক্ত অঞ্চলত পুলি ৰোপন কৰিবলৈ বিগত দুদিনত চাফ-চিকুনৰ কাম অব্যাহত ৰাখিছে।

বিগত বৰ্ষত প্ৰায় দহ সহস্ৰাধিক গছ পুলি ৰোপন কৰাৰ পাছত এইবাৰ বনাঞ্চল খনৰ কাষৰীয়া চলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ ভাগত থকা বিস্তৃৰ্ণ অঞ্চলত ৫০০০ গছ পুলি ৰোপন কৰিব চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিৰ উদ্যোগত।

আনহাতে চ’চাইটিখনৰ লগত বন বিভাগৰ মাজত হোৱা বুজাবুজিৰ ভিত্তিত গ্ৰাম্য অভয়াৰণ্য খনৰ এক বৃহৎ মুক্ত অঞ্চলত পাঁচ বছৰৰ বাবে পুলি ৰোপন আৰু প্ৰতিপালনৰ বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে চ’ছাইটিৰ বিষয়ববীয়া প্ৰীয় চেং চাউলুৱে।

এক বৃহৎ সংখ্যক স্বেচ্চাসেৱী থকা চচাইটিখনে বিগত বৰ্ষৰ পৰিবেশ দিৱসৰ পৰা বন মহোৎসৱলৈকে সময়খিনত অভয়াৰণ্যখনত প্ৰায় ১০০০০ পুলি ৰোপন কৰি সম্প্ৰতি প্ৰতিপালন কৰি আছে।

ইফালে, এই বৰ্ষত কৰ’না মহামাৰীৰ বাবে দেশত সৃষ্টি হোৱা প্ৰতিকুল পৰিস্থিতিৰ বাবে বনাঞ্চলখনত অতি কম সংখ্যক লোকক লৈহে বনানীকৰণ কৰিব বুলি জানিব পৰা গৈছে।