চৰকাৰী গাঁওবুঢ়াৰ ঘৰৰ পৰা উদ্ধাৰ E-kart ৰ পৰা লুটি নিয়া লক্ষাধিক টকা

0
479

মঙ্গলদৈ, অক্টোবৰ ১৫: আজি পুৱতি নিশা মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে সদৰ থানাত ৰুজু হোৱা গোচৰ নং ৮৩৬/২০১৯/ U/S ৪৫৭/৩৮০ (ভাৰতীয় দণ্ডবিধী) সংক্ৰান্তত তালাচী চলাই ওদালগুৰি জিলাৰ ডাংচোংগ্ৰা ৰামচিয়াৰীৰ ঘৰৰপৰা যোৱা ৭ অক্টোবৰৰ নিশা E-kart ৰ কাৰ্যালয়ৰ পৰা লুটি নিয়া ধনৰ ২.৬৮ লাখ টকা নলাত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে৷

উল্লেখযোগ্য যে যোৱা ৭ অক্টোবৰৰ নিশা ৯:২৭ বজাত পালছাৰ বাইকত উঠি অহা দুৰ্বৃত্তৰ এটা দলে মঙ্গলদৈৰ ইছলামপুৰত থকা E-kart ৰ কাৰ্যালয়ৰ তলা ভাঙি লুটি নিছিল কেইবালক্ষ টকা৷ লক্ষণীয় যে প্ৰতিষ্ঠানটোত সংযোগ হৈ থকা CCTV ৰ হাৰ্ডডিস্ক খুলি নি দৰ্জা আৰু লকাৰত আৰক্ষীক বিভ্ৰান্তি কৰিবলৈ এচিড ঢালি থৈ গৈছিল।

প্ৰতিষ্ঠানটোৰ বিষয়া মানসজ্যোতি ডেকাই মঙ্গলদৈ সদৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাই নিজাববীয়াকৈ তদন্ত চলাই চাইবাৰ চেলৰ উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰৰ সহযোগত এটি আৰক্ষীৰ দলে ১১ অক্টোবৰৰ নিশা দৰঙৰ শান্তিপুৰ, বেজপাৰা আৰু ওদালগুৰি জিলাৰ কুঁহিয়াৰকুছিৰ পৰা মুঠ তিনি অভিযুক্তক ক্ৰমে সঞ্জীৱ ভূঞা, জয়ন্ত লাহোৱাল আৰু ডাংচোংগ্ৰা ৰামচিয়াৰীক ৪.৫০ লাখ টকা সহ গ্ৰেপ্তাৰ কৰিছিল ৷ অপৰাধী কেইজনক আদালতত হাজিৰ কৰাই সোধা-পোছাৰ কাৰনে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অনা হৈছিল ৷

উল্লেখযোগ্য যে এই ঘটনাত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা সঞ্জীৱ ভূঞা আৰু জয়ন্ত লাহোৱাল উক্ত প্ৰতিষ্ঠানৰে কৰ্মচাৰী আৰু ডাংচোংগ্ৰা ৰামচিয়াৰী হ’ল ওদালগুৰি জিলাৰ কুঁহিয়াৰকুছি গাঁৱৰ চৰকাৰী গাওঁবুঢ়া ৷

আৰক্ষী প্ৰশাসনৰ পৰা জানিব পৰা মতে বৰ্তমানলৈকে চুৰি কৰি নিয়া মুঠ ৭, ১৮, ৫০০ টকা উদ্ধাৰ হৈছে আৰু দুজন মূল অপৰাধী পলাতক অৱস্থাত আছে ৷