ক’ৰোণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কৃষি মন্ত্ৰী অতুল বৰাৰ খাদ্য সামগ্ৰী বিতৰণ

0
138

গোলাঘাট, ২৩, মে’: ক’ৰোণা মহামাৰীৰ এই দুৰ্যোগৰ সময়ত বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই নিজা সমষ্টিৰ ৰঙামাটিৰ কৈৱৰ্ত গাঁৱত আজি খাদ্য সামগ্ৰী বিতৰণ কৰে।

উক্ত কাৰ্যসূচীত অসম গণ পৰিষদৰ বোকাখাত জিলা পৰিষদ সমিতিৰ জগত চন্দ কলিতা, ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰতিম বৰা বিশিষ্ট সমাজ সেৱক তথা বোলচবি প্ৰযোজক নুৰুল চুলতানৰ উপৰিও বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কৃষি মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জানিব দিয়ে যে পৰৱৰ্তী সময়ত ঘৰে ঘৰে গৈ খাদ্য বিতৰণ কৰা হ’ব। তাৰোপৰি, বহি:ৰাজ্যত থকা অসমৰ যুৱক সকলক অসমলৈ আনি কৃষি কৰ্মৰ জৰিয়তে সংস্থাপন দিয়া হ’ব বুলি উল্লেখ কৰে।

লগতে বিত্তীয় প্ৰতিষ্ঠান সমূহৰ পৰা লোন লৈ থকা ব্যক্তি সকলৰ সংস্থাপনৰ কথাও সাংবাদিকৰ আগত অৱগত কৰে।

দেৰগাঁৱৰ পৰা অপূৰ্ব শম্মা।