ক’ভিড পৰিস্থিতিৰ কাৰণে ৰাজ্যৰ বিদ্যালয় সমূহৰ গৰম বন্ধৰ দিন সলনি

0
78

ডিজিটেল ডেস্ক, ১৪ মে: অসমত বৰ্তমানৰ ক’ভিদ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিদ্যালয় সমূহৰ গৰমৰ বন্ধৰ দিন আগুৱাই দিয়া হৈছে।

অসম চৰকাৰে জাৰি কৰা এক জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয় সমূহৰ গৰমৰ বন্ধ পূৰ্বৰ ১-৩১ জুলাইৰ সলনি ১৫ মে’ৰ পৰা ১৬ জুনলৈ অনা হৈছে।

বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ – ছাত্ৰী সকলৰ শৈক্ষিক লোকচান কমোৱাত সহায় হ’ব বুলি এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা জাননীত ৰাজ্যৰ সকলো শিক্ষা প্ৰতিষ্ঠান ২৮ মে’ লৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল।

উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা পিছুৱাই দিয়াৰ বিপৰীতে একাদশ শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰী সকলক বিনা পৰীক্ষাই দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিছে।