বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইৰ দেহাৱসান

0
74
বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইৰ দেহাৱসান


ডিজিটেল ডেস্ক, ১২ মে:
সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঁইদেৱে আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৮ বছৰ আছিল৷

উল্লেখ্য যে- যোৱা ৭ মে’ত কোভিড-১৯ ৰ পৰীক্ষাত ঋণাত্মক ফলাফল পোৱাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছিল। কিন্তু ঘৰলৈ যোৱাৰ ৪ দিন পিছতেই পুনৰ অসুস্থ হৈ বিচনাৰ পৰা পৰি যোৱাৰ ফলত যোৱা কালি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷

১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম গ্ৰহণ কৰা শ্ৰীযুত বৰগোহাঁয়ে ক্ৰমে ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ পদ শুৱনি কৰিছিল।

তেওঁ ১৯৭৮ চনত “পিতা পুত্ৰ” নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল; কিন্তু অসহিষ্ণুতাৰ প্ৰতিবাদত ২০১৫ চনত এই বঁটা ঘূৰাই দিছিল।

তেওঁৰ ১১ খন কৈ উপন্যাস আৰু চাৰিখন অ-কল্পকাহিনী প্ৰকাশ কৰি়ছিল। স্বৰ্গীয় লেখকজনে মৃত্যুলৈকে অসমীয়া দৈনিক বাতৰি কাকত ‘নিয়মীয়া বাৰ্তাৰ’ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ এজন অসম অসামৰিক সেৱাৰ বিষয়া হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

বিশিষ্ট সাহিত্যিক তথা প্ৰবীণ সাংবাদিক গৰাকীৰ অন্তিম সংস্কাৰ ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে প্ৰকাশ কৰে।