ক’ৰোণা, লকডাউন আৰু আমাৰ আশা : অনন্যা ভাগৱতী

0
349
ক'ৰোণা, লকডাউন আৰু আমাৰ আশা

প্ৰায়েই শুনিবলৈ পোৱা এষাৰ কথা, “যি হয় ভালৰ বাবেই হয়” শ্ৰীমদ্‌ ভাগৱত গীতাতো এয়া উল্লেখ আছে। কথাষাৰৰ গভীৰতা বা যুক্তিযুক্ততা বিচাৰ কৰাৰ সামৰ্থ্য নাই যদিও ইয়াৰ সত্যতা আছে বুলিয়েই বিশ্বাস কৰি আহিছো। কিন্তু জীৱনত সকলোৱে কিছুমান এনে‌ পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয় য’ত এই কথাষাৰ বিশ্বাস কৰি বা মানি লোৱাটো কঠিন হৈ পৰে। উদাহৰণস্বৰূপে আমাৰ শেহতীয়া পৰিস্থিতি- ক’ৰোণা, লকডাউন আৰু মৃত্যুৰ বিভিষিকা। এই আতংক আৰু মৃত্যুৰ উপত্যকাত পৰিণত হোৱা আমাৰ পৃথিৱীলৈ চাই এয়া ভালেই হৈছে বুলি কোৱাটো সহজ নহয় যদিও ভাবি চালে দেখা পোৱা যায় কিছুমান ইতিবাচক আৰু ‌আশাব্যঞ্জক দিশ।

এইখিনিতে আমি কিছু উভতি চোৱা ভাল। আমি পথভ্ৰষ্ট হৈছো নেকি বুলি নিজকে প্ৰশ্ন কৰাৰ উপযুক্ত সময় এয়াই। আচলতে প্ৰকৃত প্ৰশ্নটো হোৱা উচিত – “আমি কিমান পথভ্ৰষ্ট হৈছো?” আধুনিকতাৰ বাবেই হ‌ওঁক বা অন্ধ অনুকৰণৰ বাবেই হ‌ওঁক; প্ৰয়োজনতেই হ‌ওঁক বা অত্যাধুনিক বিলাসিতাৰ বাবেই হ‌ওঁক বৰ্তমান সময়ত আমি “আধুনিক মানুহবোৰৰ” জীৱন যাত্ৰা প্ৰকৃতিৰ বিপৰীতে নি: সন্দেহে গৈ আছে। আধ্যাত্মিকতাৰ কথা নকলেও অন্ততঃ মানৱীয়তাৰ খাতিৰতো আমি কিছু নিয়ম বা বান্ধোনৰ মাজত থকা উচিত। কাৰণ, পুৰণিকলীয়াই হ‌ওঁক বা আধুনিকেই হ‌ওঁক মানুহ সদায় মানুহেই। গতিকে মানুহৰ প্ৰাথমিক গুণ মানৱীয়তাক বাদ দি আমি চলিব নোৱাৰো। উদাহৰণস্বৰূপে: বন্য জীৱ-জন্তুৰ প্ৰতি কৰা নিৰ্মম অত্যাচাৰ, স্বাচ্ছন্দ্যপূৰ্ণ জীৱনৰ বাবে পৰ্য্যাপ্ত সা-সুবিধা সম্পদ থকাৰ পিছতো অতিৰিক্ত লাভৰ বাবে কৰা চেষ্টাত প্ৰকৃতি বা প্ৰাকৃতিক পৰিৱেশৰ ওপৰত অত্যাচাৰ আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা এই যে আমি মানুহবোৰে মানুহকেই শত্ৰু জ্ঞান কৰি কেইটামান গুৰুতৰ অপৰাধ যুগ যুগ ধৰি জানি-বুজিয়েই কৰি আহিছো। মাংসাহাৰৰ নামত প্ৰায় সকলো জীৱ-জন্তুকেই ভক্ষণ কৰিবলৈ লৈছো। অৰ্থাৎ আমি সিঁহতক কেৱল খাদ্য হিচাপেহে ধৰি লৈছো, জীৱ হিচাপে নহয়।

কিন্তু এয়া হৈছে আত্ম-বিশ্লেষনৰ উপযুক্ত সময়। এই ক’ৰোণা ৰ উৎপত্তিৰ কাৰণ যিয়েই নহ‌ওঁক কিন্তু ইয়াৰ পৰা আমি শিকিবলগীয়া বহুত আছে। আমি ধৰি লৈছো যে মানুহেই সৰ্বেসৰ্বা। ঈশ্বৰ বা তেনে কোনো অলৌকিক শক্তিৰ কথা নকলোৱেই যেনিবা, আমি প্ৰকৃতিকো এক প্ৰকাৰ অস্বীকাৰ কৰিবলৈ লৈছো। প্ৰকৃতিৰ ওপৰত আধিপত্য বিস্তাৰৰ দৌৰত আমি পাহৰি পেলাইছো যে মানুহে প্ৰকৃতিৰ সৃষ্টি কৰা নাই, বৰং প্ৰকৃতিয়েহে মানুহক সৃষ্টি কৰিছে।

পুনৰ ক’ৰোণা ৰ প্ৰসংগলৈ আহিছো। এই ক’ৰোণাৰ ফলস্বৰুপেই লকডাউনৰ সন্মুখীন হ’ব লগা হ’ল। কিন্তু প্ৰণিধানযোগ্য যে এই সময়ছোৱাত প্ৰকৃতিয়ে প্ৰাণ পাই উঠিছে, নিজৰ প্ৰকৃত ৰূপ কিছুপৰিমানে হ’লেও ঘূৰাই পাইছে। নহ’লেনো লকডাউন আৰম্ভ হোৱাৰ দুদিনমান পিছতেই দীঘলীপুখুৰীত হাঁহজাক দীৰ্ঘদিনৰ মূৰত আহি পৰেনে ? চাৰিওফালে আগতে শুনিবলৈ নোপোৱা অনেক পক্ষীৰ কিৰিলি শুনা যায়নে? অথবা কমেও ৩০ বছৰ ধৰি বায়ু প্ৰদূষণে ঢাকি ৰখা হিমালয় পৰ্বতমালা জলন্ধৰৰ পৰা খালী চকুৰে দেখা পোৱা যায়নে? তদুপৰি গুৰুত্বপূৰ্ণ কথা যে এই সময়ছোৱাত অকল ভাৰতবৰ্ষ‌ই নহয়, সমগ্ৰ বিশ্বতেই জলবায়ু প্ৰদূষণ অভূতপূৰ্ব হাৰত হ্ৰাস পোৱাটো বিভিন্ন বৈজ্ঞানিক গৱেষণাত প্ৰমাণিত হৈছে। আমাৰ গংগা নদীও বহু পৰিমাণে পৰিষ্কাৰ হৈ উঠিছে।

আমি আধুনিক মানুহে উপভোগ আৰু উদযাপনৰ নামত নিজকে প্ৰায় পাহৰি ‌পেলাইছো আৰু নিজৰ লগতে সময় কটাবলৈ আমনি পোৱা হৈছো। যাৰ ফলস্বৰুপে দিনক দিনে নি:সংগতা আৰু নিৰাপত্তাহীনতাত ভূগিছো। কিন্তু বৰ্তমানৰ এই অকলশৰীয়া সময়ত আমি নিজকে বিচাৰি পোৱা, বুজি পোৱা আৰু নিজৰ সংগ উপভোগ কৰাৰ লগতে বিভিন্ন স্বাস্থ্যকৰ অভ্যাস যেনে : শাৰিৰীক ব্যায়াম, যোগচৰ্চা, কিতাপ পঢ়া, বিভিন্ন ৰুচি-অভিৰুচিৰ চৰ্চা আদি কৰিবলৈও সুবৰ্ণ সুযোগ পাইছো।

অৱশ্যে বৰ্তমান যুগত আমি আধুনিকতা সম্পূৰ্ণৰূপে বৰ্জন কৰি আদিম প্ৰাকৃতিক জীৱন আৰম্ভ কৰাটোও অসম্ভৱ; কিন্তু আমাৰ সকলোৰে অকণ অকণ চেষ্টাৰেই আমি নিজৰ বাবেও উপযুক্ত প্ৰাকৃতিক পৰিৱেশ বহুখিনি ঘূৰাই পাম আৰু প্ৰকৃতিয়েও নিজৰ ৰূপ আৰু স্বাধীনতা ঘূৰাই পাব । তেতিয়া হয়তো প্ৰকৃতিয়েও নিজৰ প্ৰাপ্যখিনি আমাক অত্যাচাৰ কৰি বা ধ্বংস কৰি আহৰণ কৰিব লগীয়াও নহ’ব। তেতিয়াহে আমিও প্ৰকৃতাৰ্থত মানুহৰ স্থান পাম। বৰ্তমানৰ এই সংকটে আমালৈ এই গুৰুত্বপূৰ্ণ ইংগিতেই প্ৰেৰণ কৰিছে বুলি ধৰি লৈ আগবাঢ়িলে আমাৰ কেৱল উপকাৰ হোৱাই নহয়, হয়তো আমি নভবাকৈয়ে বহুত শান্তি আৰু আনন্দ‌ও লাভ কৰিম।

অনন্যা ভাগৱতী
টিহু,নলবাৰী