ক’ভিড-১৯ৰ উৰ্ধগামী ধনাত্মকতাৰ হাৰ আৰু ইয়াৰ বিশ্লেষণ- হৃষিকেশ বৰ্মণ

0
63
ক'ভিড-১৯ৰ উৰ্ধগামী ধনাত্মকতা হাৰ আৰু ইয়াৰ বিশ্লেষণ

ৰ্তমান সমগ্র বিশ্বৰ লগতে ভাৰতেও কভিড-১৯ ৰ সতে যুজঁ দি আছে। এই সন্দৰ্ভত ভাৰত চৰকাৰে তথ্য সহকাৰে নাগৰিকক সান্তনা দিব চেষ্টা কৰি আছে যে ভাৰত পশ্চিমীয়া দেশতকৈ ভাল অৱস্থাত আছে, কিন্তু সেইটো যোৱা মাহৰ কথা। এতিয়া ভাৰতে কেইবাখনো দেশক কভিড-১৯ আক্ৰান্তৰ সংখ্যাত অতিক্ৰম কৰিছে। বিগত মাহৰ প্ৰথম সপ্তাহত ICMR এ কভিড-১৯ ৰ ধণাত্মকতাৰ হাৰ প্ৰতিদিনে প্রায় ৪% আছিল বুলি জনাইছিল। তেওঁলোকে বুজাব খুজিছিল যে তেওঁলোকে পৰীক্ষা পর্যাপ্ত পৰিমাণে কৰি আছে। এতিয়া মন কৰিলে দেখা যায় যে সেই হাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে।

যদিwww.covid19india.org ত দিয়া ৮ জুনৰ তথ্য অনুসৰি চোৱা যায় সেই হাৰ ৪% ৰ পৰা এতিয়া ৭.৫% তকৈও ওপৰলৈ গৈছে। ইয়াৰ পৰা প্ৰধানকৈ দুটা কথা উপলব্ধি কৰিব পাৰি যে যদিও পৰীক্ষা ৰ হাৰ বঢ়োৱা হৈছে; সেই হাৰ পর্যাপ্ত নহয়। দ্বিতীয়তে, পৰীক্ষাৰ সংখ্যা বঢ়ালে আক্ৰান্তৰ সংখ্যাও বাঢ়িব পাৰে। কিন্তু চৰকাৰে পৰীক্ষাৰ সংখ্যা প্ৰয়োজন সাপেক্ষে বঢ়াব পৰা নাই বা তাত গুৰুত্ব দিয়া নাই। এতিয়া দিল্লী মুম্বাইৰ নিচিনা ঠাইত ভয়ানক তথ্য ওলাব ধৰিছে যে বহু লোকে কভিড-১৯ ৰ লক্ষণ থকা স্বত্তেও, পৰীক্ষা কৰাৰ সুবিধা পোৱা নাই। ১৩৫ কোটি মানুহৰ মাজত দৈনিক প্রায় একৰ পৰা ডেৰ লাখ পৰীক্ষা তেনেই নগণ্য আৰু এতিয়ালৈ প্ৰায় ৫০ লাখ মান মানুহৰহে পৰীক্ষা কৰা হৈছে। এতিয়া দিল্লী-মুম্বাইৰ দৰে মহানগৰীত চিকিৎসালয় সমূহ সম্পূৰ্ণকৈ ভর্তি হৈ আছে। তাতে আকৌ এতিয়া লকডাউনো প্ৰায় শেষ হৈছে। গতিকে আগন্তুক দিনত চৰকাৰৰ পদক্ষেপ লক্ষণীয় হ’ব।