ক’ৰোণাই কেৰোণবোৰ আঁতৰাব : ইতিবাচক – ছানকুমাৰ কলিতা

0
331
ক'ৰোণাই কেৰোণবোৰ আঁতৰাব _ ইতিবাচক - ছানকুমাৰ কলিতা

কুৰি/কুৰিৰ কুলাধম বছৰটোৰ আৰম্ভণিৰে পৰা ক’ৰোণাতঙ্কত বিশ্বৰ নগণ্য লোকচান হোৱা বুলি ক’লে হয়টো শাও লাগিব। গতিকে “ক’ৰোণাই কেৰোণবোৰ আঁতৰাব” শীৰ্ষক শিৰোনামাটো বাচি লোৱা উদ্দেশ্য প্ৰণোদন তথা বাহুল্যতা অদৃশ্য কাল-শতৰু ক’ৰোণা’ক মানৱসভ্যতাৰ একান্ত হিতাকাঙ্খী বুলি দৃঢ়তাৰে উপস্থাপন কৰাৰ ধৃষ্টতা তিলমানো নহয় বুলি পোণতে সৈ- কাঢ়ি থলোঁ।

বিগত দিনকেইটাত আমি পেঁটুকণা-প্ৰৌঢ় মিলি ক’ৰোণাক তীব্ৰ ভৎৰ্সনা কৰিলোঁ, শতৰুৰ পৰা সম্পূৰ্ণ নিৰাময় আদায় কৰি ল’ব নোৱাৰা ক্ষণ পৰ্যন্ত নিৰাপদ স্থানত অৱস্থান কৰি গালি-গালাজ অব্যাহত ৰখাত সম্ভৱত দ্বিমত থকা কোনো নোলাব। সেয়াও চিৰন্তন যে আমাৰ ভৎৰ্সনাক ক’ৰোণাই কেৰেপ নকৰে, আমাৰ গালি-গালাজত ক’ৰোণাৰ সংহাৰী ৰূপত ফুল’ষ্টপ নবহে। বিকল্প এটাই, উন্নত ৰাষ্ট্ৰকেইখনৰ প্ৰতিষেধক প্ৰস্ততকৰণৰ খবৰ বিচাৰি বাতৰিকাকতখনত চকুফুৰাই গোটেইকেইটা পৃষ্ঠা চলাথ কৰি শেষত লক’ডাউনৰ কালচোৱাত গোৱালপাৰাৰ গোলাপ বৰ্মনৰ দৰে দেশৰ বিভিন্ন কোণৰ কেইবাজনো গোলাপ বৰ্মনে পেটৰ কলমলনি তথা আৰ্থিক দৈন্যতাৰ আচোঁৰত তিষ্ঠিব নোৱাৰি কৰুণ মৃত্যুক নিমন্ত্ৰণ দিয়াৰ খবৰকেইটাত চকুত লাগি ধৰাত বাতৰিকাকতখন দূৰলৈ ঠেলি থোৱা। অসহ্যকৰ! বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ ফালে চকু থৈ কেৱল যদি ক’ৰোণাই মৃত্যুৰ কাৰণ বুলি আশ্বস্ত হোৱাৰ ক্ষীণ অৱকাশ থাকিলহেতেঁন নিজকে নিজে সান্তনা দিয়াৰ মাৰ্গ এটা বাছি লোৱাটো সম্ভৱপৰ হ’লহেতেঁন কিন্ত ক্ষুধাৰ্ত্ত তথা অৰ্থৰ অভাৱত অকাল মৃত্যুবৰণ, পুতৌজনক নহয়নো কি!

স্বাধীনোত্তৰকালৰে পৰা জনশক্তি, কেঁচামালৰ, কৰ্মদৃঢ়তা, আত্মবিশ্বাস, দৰ্শন ইত্যাদিৰে ভৰপূৰ ভাৰতবৰ্ষখনৰ আভ্যন্তৰীণ বিষয়সমূহত গুৰুত্ব কম পৰিমানে দি, বহি: আৱৰণত যিমানেই চূণ-তেল মাৰি জাকত জিলিকা কৰা নাযাওঁক, যুদ্ধকালীন তৎপৰতাত দেৱাল সাজি দেশৰ তথৈবচ অৱস্থা ঢ়াকি Namaste Trump-ৰে অইন ৰাষ্ট্ৰনেতাক আলপৈচান নধৰক, বিশ্বই কিন্ত ভাৰতবৰ্ষৰ প্ৰতি এতিয়াও ভৃত্য, অশিক্ষিতৰ দেশ বুলিয়েই ধাৰণা পুহি আহিছে। অৱশ্যে তাত স্তম্ভিত হ’বলগীয়া বিশেষ নাই, ইমানখিনি সমল তথা শ্ৰমশক্তি থকা দেশ এখনত বাস কৰা মানুহে যদি পেটৰ ভোকৰ আগৰ পৰাজয় স্বীকাৰ কৰে সেই ধাৰণা স্বাভৱিক।

ক’ৰোণাৰ ফলত আমেৰিকা, চীন তথা বিশ্বৰ অইন দেশসমূহৰ অৰ্থনৈতিক গ্ৰাফ’ডাল ক্ৰমাগত ভাৱে নিম্নগামী হৈছে সঁচা কিন্তু এই দুৰৱস্থাৰ সৈতে মোকাবিলা কৰি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি যাবলৈ তেওঁলোকক যিমান সময়ৰ প্ৰয়োজন হ’ব তুলনামূলকভাৱে ভাৰতবৰ্ষক প্ৰয়োজন হ’ব বুজন সংখ্যক সময়ৰ। দেশ তথা ৰাজ্যৰ অৰ্থনীতি সুস্থিৰ কৰিবলৈ সুৰা, অত্যাৱশ্যকীয় ইন্ধনৰ ওপৰত ৰাজহ বৃদ্ধি কৰাৰ বিকল্প নাই, কিন্তু তাৰ পাশ্বক্ৰিয়াও নথকা নহয়, সামৰ্থতাৰ সীমা চেৰাই কিছুসংখ্যক সুৰাপায়ীৰ সুৰাপ্ৰীতিৰ ফলত বহুকেইটা পৰিয়াল থানবান হ’ব। “Every problem has a wise lesson”– ক’ৰোণাক Overcome কৰাৰ সমান্তৰালভাৱে ইয়াৰ পাঠ আমি অনুধাৱন কৰিব লাগিব। যদিহে মনৰ দুৱাৰ মুকলি কৰো এই অনাখাঙ্খিত সমস্যাটোৱে অতদিনৰ জাতি, ধৰ্ম, বৰ্ণৰ ভেদাভেদৰ কেৰোণবোৰ আঁতৰাই এটা উচিত পাঠ শিকাই যাব।

দ্বিতীয়তে, ভাৰতবৰ্ষ তথা অসমৰ আটাইকেইটা সমস্যাৰ ভিতৰত নিৱনুৱা সমস্যা হৈছে অতি স্পৰ্শকাতৰ সমস্যা। নিৱনুৱা সমস্যাৰ সৌজন্যতে আন সমস্যাসমূহ লহ-পহকৈ বাঢ়ি আহে। অৱশ্যে এইক্ষেত্ৰত আমি চৰকাৰক দোষাৰোপ কৰাও অৰ্থহীন। নিৱনুৱা সমস্যা সমাধানৰ একমাত্ৰ পথটো হ’ল চৰকাৰী চাকৰিমূখী মানসকিতা সলাই নিজৰ সৃষ্টিশীলতা, কৰ্ম-উদ্যমক সঁচাৰকাঠি হিচাপে লৈ স্বাৱলম্বী হোৱা। সম্প্ৰতি দেশ তথা ৰাজ্যৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে অগোচৰ নহয়, তেনেস্থলত কৰ্মহীন লোকৰ অনুপাতে চৰকাৰী চাকৰিৰ আশা তথা অইন ব্যক্তিগত প্ৰতিষ্ঠানৰ অধীনত থাকি অৰ্থৰ নিৰাপত্তাহীনতাত ভোগা অনৰ্থক। স্বাৱলম্বীতাৰ এহেজাৰ এটা পথ আছে, তাৰ ভিতৰত কৃষি স্বাৱলম্বীতাক সন্মূখৰ স্থান দিয়াৰ যুক্তিকেইটা হ’ল-

(১) ৰাজ্যৰ প্ৰায় ৯২% মানুহৰ নিগাজীকৈ খেতিমাটি আছে।
(২) কৃষিৰ বাবে ৰাজ্যৰ অধিকাংশ ভূমি উৰ্বৰ, বাৰিষা বানপানীয়ে পলস পেলায়।
(৩) পৰম্পৰাগতভাৱেও আমাৰ সমাজত কৃষিৰ এক বিশেষ স্থান আছে।
(৪) অইন ব্যৱসায় সমূহৰ পৰিকাঠামো তৈয়াৰ কৰাৰ ক্ষেত্ৰ আৰ্থিক বিনিয়োগ অপৰিহাৰ্য্য, তাৰ বিপৰীতে কৃষি উদ্যমিতা (Agricultural Entrepreneurship) তথা কৃষিভিত্তিক স্বাৱলম্বীতাৰ ক্ষেত্ৰত ক্ষুদ্ৰ বিনিয়োগ যোগে লাভালাভ সম্ভৱ।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষত ১৯৫১ চনৰ কৃষিৰ উদ্যোগৰ পৰা ৫৯ শতাংশ ৰাষ্ট্ৰীয় আয়লৈ বৰঙণি আছিল কিন্ত ২০১৪-১৫ চনত সেই বৰঙণি ১৯ শতাংশলৈ হ্ৰাস পাইছে। বিভিন্ন গৱেষণাৰ অন্তত, দেশৰ যুৱপ্ৰজন্মই কৃষি ভিত্তিক উদ্যোগটোৰ বিৰাট সম্ভাৱনীয়তাৰ সৈতে ওৱাকিপ নোহোৱা আৰু নিজকে পথাৰৰ সৈতে চিনাকী দিবলৈ লজ্জা অনুভৱ কৰাৰ কথা বিবেচিত হৈছিল। অসমৰ ক্ষেত্ৰত কৃষিজাত সামগ্রীৰ উৎপাদন নিম্ন মানৰ বুলি অভিযোগ এটা আছে। ২০০৯-১০ চনৰ অর্থনীতি আৰু পৰিসাংখ্যিক সঞ্চালকালয়ৰ তথ্য অনুযায়ী অসমৰ প্রায় ২৯ লাখ হেক্টৰ মাটি কৃষি বাবে উপযোগী, কিন্ত উপৰোক্ত সংখ্যাৰ ৬৪ শতাংশহে কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়। অসমৰ কৃষকৰ কৃষিৰ ওপৰত অনিশ্চয়তাৰ অন্য এক কাৰণ হ’ল উৎপাদিত দ্রব্যৰ প্রকৃত বজাৰ মূল্যৰ অভাৱ। Agri-Marketing, Smart Farming, Scientific Farming ৰ অভাৱ তথা মধ্যভোগীৰ দপ্দ‌পনিয়ে ৰাজ্যৰ কৃষি উদ্যোগৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে।

অসমৰ ক্ষেত্ৰত সাকাৰাত্মক কথা এইটোৱেই যে, ৰাজ্যৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ নিমিত্তে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কৃষি উদ্যোগটোক গুৰুত্ব প্ৰদান কৰি যুৱচামক আত্মনিৰ্ভৰশীল হ’বলৈ উৎপাদিত ক্ৰয় বিপননৰ শৃংখলা সু-সংগঠিত কৰা আৰু কৃষিজাত উপাদানৰ বাবে বজাৰ ব্যৱস্থা বহনক্ষম কৰি তোলাৰ বাবে Road Map প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। প্ৰতিটো সংকটে সুযোগ কঢ়িয়াই আনে ঠিক সেইদৰে ক’ৰোনাই অতদিনে ক্ৰিয়া কৰি থকা এই কেৰোণবোৰ আতঁৰাই নতুন প্ৰভাত আনক। মৎসপালন, পশুধন, ফল মূলৰ খেতি , দুগ্ধ উৎপাদন, আদি খণ্ডত ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰয়োজনীয়তাত যুৱচামে গুৰুত্ব প্ৰদান কৰক।‌

ফ’ন: 6000141311